কামপুৰত বিষ্ণু ৰাভা দিৱস পালন

কামপুৰত বিষ্ণু ৰাভা দিৱস পালন

author-image
Asomiya Pratidin
New Update
কামপুৰত বিষ্ণু ৰাভা দিৱস পালন

ডিজিটেল সংবাদ,কামপুৰ : কামপুৰ আঞ্চলিক যুৱক সমাজৰ উদ্যোগত বৃহস্পতিবাৰে কামপুৰ স্বৰাজ ভৱনত দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰা হয়। পুৱা ১০-০০বজাত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন কৰে কামপুৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ সভাৰাম মজুমদাৰে।

Advertisment

ইয়াৰ পিছতে অনুষ্ঠান মুকলি কৰে কামপুৰ পৌৰ সভাৰ সভাপতি ধৰিত্ৰী বৰুৱাই। অনুষ্ঠানত সাহিত্যিক বঁটাপ্ৰাপক মোলান লস্কৰ ,কৃষক মুক্তিৰ সভাপতি ৰাজু বৰা, কবি ৰাজু শ ইকীয়া, নিলমণি শইকীয়া, প্ৰমোদ বৰা, যতীন বৰা, বিশ্ব দাস আদিয়ে ৰাভাৰ কৰ্মৰাজী বিষয়ে বক্তৃতা প্ৰদান কৰে।

আনহাতে কামপুৰ শঙ্কৰদেৱ বিদ্যানিকেতনত কামপুৰ শাখা সাহিত্য সভা উদ্যোগত আজি বিষ্ণু ৰাভা দিৱসটি গীত , নৃত্য আৰু ভাষা আদিৰে উদযাপন কৰে। অনুষ্ঠানত প্ৰদ্যুম্ন বৰা, ত্ৰিদীপ লস্কৰে, দক্ষিণ নাথ, শৰত গোস্বামী, প্ৰবন্ধ বৰা, প্ৰকাশ ভূঞা আদি বিশিষ্ট ব্যক্তিয়ে বক্তৃতা প্ৰদান কৰে। ডম্বৰু শ ইকীয়াই অনুষ্ঠানৰ আঁত ধৰে।

Also Read: ৰঞ্জিত দত্তৰ সম্বৰ্ধনা সভাত উপস্থিত নহ'ল পল্লৱলোচন দাস

kampur