/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/2fe4b76e-339c-49fd-97d0-c85110a1b6da/PuroniGudam.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলাৰ পুৰণিগুদামৰ কঢ়ালী গাঁৱৰ 'ৰাধা ভৱন'ত দিহানাম সুৰক্ষা মঞ্চ, অসমৰ উদ্যোগত শনিবাৰে এক ৰাজহুৱা সভা অনুষ্ঠিত হয়। দিহানাম সুৰক্ষা, অসমৰ সভাপতি ৰাধাকান্ত নাথৰ পৌৰোহিত্যত অনুষ্ঠিত আলোচনা চক্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
সেই অনুসৰি সদৌ অসম ভিত্তিত সুসংহত আৰু সুপৰিমাৰ্জিত নিয়মাৱলী প্ৰস্তুতৰ উদ্দেশ্যে দ্বিতীয়লানি আলোচনা চক্ৰ ২০২৩ বৰ্ষৰ ২২ আৰু ২৩ জুলাইত পুৰণি গুদামৰ কঢ়ালী গাঁৱৰ বৰ নামঘৰৰ সভাগৃহত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তদুপৰি মহেন্দ্ৰ শইকীয়াক সভাপতি আৰু প্ৰফুল্ল বৰুৱাক সম্পাদক হিচাবে লৈ এখন ২১ জনীয়া শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়। জানিব পৰা মতে, এই মনোজ্ঞ আলোচনা চক্ৰলৈ অসমৰ বিভিন্ন জিলাৰ পৰা দিহানামৰ প্ৰশিক্ষকসকল, দিহানাম প্ৰতিযোগিতাৰ বিচাৰকসকলৰ লগতে কেইবাগৰাকীও দিহানামৰ বিশেষজ্ঞ ব্যক্তিক আমন্ত্ৰণ জনোৱা হ'ব।
এই আলোচনা চক্ৰৰ অন্তত জনপ্ৰিয় পৰিৱেশ্য কলা(দিহানাম) পৰিৱেশনৰ বাবে নিয়মাৱলী সম্বলিত এখন সংবিধান প্ৰনয়ণ হোৱাৰ পথ প্ৰশস্ত হৈ পৰিব। উল্লেখ্যযোগ্য যে, যুটীয়া সম্পাদক হিমু বৰাই উদেশ্য ব্যাখ্যা কৰা সভাত বিগত ৭ আৰু ৮ জানুৱাৰীত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত স্বপ্ননীল বৰুৱাৰ সঞ্চালনাত প্ৰথম লানি আলোচনা সফলতাৰে মৰিগাঁও জিলাৰ জাগীৰোডত অনুষ্ঠিত হয় বুলি দিহানাম সংৰক্ষণ মঞ্চ, অসমৰ কাৰ্যকৰী সভাপতি ডাঃ প্ৰশান্ত কুমাৰ খাউণ্ডে সদৰি কৰে।
Also Read: হিন্দু ধৰ্ম আৰু গেৰুৱা ৰঙৰ প্ৰাধান্যতা...
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us