/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-06/1xqc2c57/school 6.jpg)
পূৱ দলনীজুৰীয়া মোক্তাব বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধানশিক্ষক ইউনুছ আলী খন্দকাৰৰ বিদায় সম্বৰ্ধনা সম্পন্ন
ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ জুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত পূৱ দলনীজুৰীয়া মোক্তাব বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধানশিক্ষক ইউনুছ আলী খন্দকাৰে যোৱা ৩১ জুলাইত বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে। এই উপলক্ষে আজি তেখেতৰ বিদায় সভা অনুষ্ঠিত হয়।
শিক্ষাবিদ আলহাজ জালাল উদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যখ্যা কৰে ফুজাইল আহমেদে। বিদায় সভাত স্থানীয় ৰাইজ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উপৰিও বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে। সভাত বিদায়ী শিক্ষক ইউনুছ আলী খন্দকাৰক ছাতি, লাখুটি, গামোছা, জাপি, টুপি, তচবিহ, কিতাব, শৰাই, সম্বৰ্ধনা পত্রৰে সম্বৰ্ধনা জনোৱা হয়।
সভাত সকলোৱে শিক্ষক জনৰ কৰ্ম ৰাজিক প্ৰসংশা কৰি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। সভাত চি আৰ চি মোজাম্মেল হক, বিদ্যালয়ৰসমূহ শিক্ষক, শিক্ষয়িত্ৰী, পৰিচালনা সমিতিৰ সভাপতি সাহিদ আলী, অৱসৰ প্ৰাপ্ত শিক্ষক আলহাজ হুছেইন আলী, জুৰীয়া শিক্ষাখণ্ডৰ অৱসৰ প্ৰাপ্ত গাণনিক মাহবুবুৰ ৰহমান, দক্ষিণ দলনী জুৰীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কুলছুমা বেগম, ফাৰুক আহমেদ, তিনিচুকীয়া এমবিশ্বন জুনিয়ৰ কলেজ পৰিয়াল, তিনিচুকীয়া হাই স্কুলৰ প্ৰধান শিক্ষক মুকিতুৰ ৰহমান, তিনিচুকীয়া দলনীজুৰীয়া কাৰীয়ানা মাদ্ৰাছা পৰিয়াল, তহফিজুল কোৰআন দ্বীনী তালিমী বোৰ্ড, এচ ডি এল দ্বীনী তালিমী বোডৰ সাধাৰণ সম্পাক সাহদুল্লাহ বাহাৰসহ বহু লোক উপস্থিত থাকে।
Also Read: দিলীপ বৰাৰ ‘যাত্ৰা’ উপন্যাসৰ আধাৰত ‘প্ৰস্তাৱনা’ ছবিৰ কৰ্মশালা সমাপ্ত...