স্মাৰ্ট মিটাৰৰ আতিশয্য বন্ধ কৰাৰ দাবীত নগাঁও আছুৰ বিক্ষোভ সমদল

স্মাৰ্ট মিটাৰৰ আতিশয্য বন্ধ কৰাৰ দাবীত নগাঁও আছুৰ বিক্ষোভ সমদল

author-image
Asomiya Pratidin
New Update
স্মাৰ্ট মিটাৰৰ আতিশয্য বন্ধ কৰাৰ দাবীত নগাঁও আছুৰ বিক্ষোভ সমদল

ডিজিটেল সংবাদ,নগাঁও: সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধোৱা স্মাৰ্ট মিটাৰ, বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই। এই সিদ্ধান্ত জনবিৰোধী আৰু হঠকাৰী বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে।

Advertisment

চৰকাৰখনে ৰাইজক সকাহ দিয়াৰ পৰিৱৰ্তে স্মাৰ্ট মিটাৰৰ জৰিয়তে আতিশয্য চলাই জনস্বাৰ্থৰ প্ৰতি চৰকাৰখনৰ উদাসীনতাক সূচাইছে। সেয়ে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে স্মাৰ্ট মিটাৰৰ অভাৱনীয় বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰোধিতাৰে বিক্ষোভ সমদল উলিয়ায়।

কাৰ্যসূচীত অংশ লয় সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক গৌৰীশংকৰ শইকীয়া আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মৃগাংক শেখৰ ভঁৰালী হাজৰিকা, জিলা সভাপতি সীমান্ত বৰা সাধাৰণ সম্পাদক কংকন জ্যোতি বৰুৱাৰ লগতে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত আঞ্চলিক ছাত্ৰ সন্থাৰ ছাত্ৰ প্ৰতিনিধি সকল।

Also Read: 'মণিপুৰত ৰাজনৈতিক নেতা ব্যৰ্থ হোৱা নাই, আমি সকলো ব্যৰ্থ হৈছো'- আকৈজাম

smart meter