/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/932f67de-7be3-43d9-a3b8-831e6211f9f0/5.jpg)
ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও চহৰৰ আমোলাপট্টি নিবাসী বিশিষ্ট শব্দযন্ত্ৰী , সমাজকৰ্মী, প্ৰতিভাধৰ লোহিত বৰা (ভাইটি)৫৫ বছৰ বয়সত মঙলবৰে দুপৰীয়া উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত হৈ নিজ বাসগৃহত মৃত্যু হয়। ভাইটি ছাউণ্ড নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী লোহিত বৰাৰ অনাকাংক্ষিত মৃত্যুৰ বাতৰি বিয়পি পৰাত সমগ্ৰ নগাঁও চহৰখনে শোকৰ ছাঁ পৰিছে।
অসংখ্য সংগীত শিল্পী, নাট্য শিল্পী, সাহিত্যিক, শিক্ষাবিদে তেওঁৰ বাসগৃহত উপস্থিত হৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অতি নম্ৰ -ভদ্ৰ, অমায়িক স্বভাৱৰ লোহিত বৰা ওৰফে ভাইটি নগাঁৱৰ অতিকে জনপ্ৰিয় ব্যক্তি। তেওঁৰ অকাল মৃত্যুত নগাঁও নাট্য মন্দিৰ, সংগীত শিল্পী মঞ্চ, বৰদৈচিলা বিহু উৎসৱ উদযাপন সমিতি, সদৌ নগাঁও জিলা ছাত্ৰ সন্থা, বাৰ্তাজীৱী সংঘ নগাঁও জিলা সমিতি, আপকু নগাঁও জিলা সমিতি, নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্বনকে আদি কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু গুণমুগ্ধই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে বিশিষ্ট শব্দযন্ত্ৰী লোহিত বৰাৰ মৃত্যুত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু এগৰাকী কন্যা সহ বহু আত্মীয় স্ব-জনক ইহসংসাৰত এৰি থৈ যায়।
Also Read: বিজেপিৰ ৮ বছৰীয়া শাসনৰ ইতিহাস প্ৰতাৰণাৰঃ ৰাজ্যৰ বিকাশত হিমন্ত চৰকাৰ চৰম ব্যৰ্থ- আপ, অসম
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us