শৰ্মিষ্ঠা প্ৰিতমৰ 'ৰঙ'ৰ ইংৰাজী সংস্কৰণ প্ৰকাশৰ ক্ষণত 'প্ৰিয় পাঠক' অনুষ্ঠান

শৰ্মিষ্ঠা প্ৰিতমৰ  'ৰঙ'ৰ ইংৰাজী সংস্কৰণ প্ৰকাশৰ ক্ষণত 'প্ৰিয় পাঠক' অনুষ্ঠান

ডিজিটেল সংবাদ ,নগাঁও: 'পৃথিৱীখনত মানসিক অক্ষমতা থকা মানুহৰ সংখ্যাই বেছি।ইয়াৰ বিপৰীতে শৰ্মিষ্ঠাৰ শাৰীৰিক অক্ষমতা আছে যদিও শৰ্মিষ্ঠা হাজাৰ হাজাৰ মানুহতকৈ মানসিকভাবে বেছি সক্ষম।তেওঁৰ আকাশখন বৰ বিশাল'-এই মন্তব্য বিশিষ্ট শিক্ষাবিদ ডঃ হিতেশ ডেকাৰ।

দেওবাৰে নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত 'প্ৰিয় পাঠক' শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে 'দৈনিক অসম'ৰ সম্পাদক ডঃ ডেকাই। উল্লেখযোগ্য যে প্ৰখ্যাত আন্তঃৰাষ্ট্ৰীয় প্ৰকাশন গোষ্ঠী 'চাইমন এণ্ড চুষ্টাৰ' ( Simon and Schuster )দ্বাৰা প্ৰকাশিত হৈছে প্ৰসিদ্ধ অনুবাদক ৰঞ্জিতা বিশ্বাস অনুদিত শৰ্মিষ্ঠা প্ৰীতমৰ ৰং উপন্যাসৰ ইংৰাজী সংস্কৰণ 'বীনিথ দ্যা শিমলু ট্ৰী' (Beneath the Simolu Tree) । এই গ্ৰন্থখন প্ৰকাশৰ ক্ষণত পাঠকলৈ কৃতজ্ঞতাৰে অনুষ্ঠিত 'প্ৰিয় পাঠক' শীৰ্ষক অনুষ্ঠিত অনুষ্ঠানটোত অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ তথা 'দৈনিক অসম'ৰ সম্পাদক ডঃ হিতেশ ডেকাই শৰ্মিষ্ঠা প্ৰীতমৰ সৈতে থকা ব্যক্তিগত সম্পৰ্কৰ কথা উল্লেখ কৰি কয় যে-'জীৱনত বহু ব্যক্তিক লগ পাইছো। কিন্তু কিছুমান মানুহৰ স্মৃতিয়ে জীৱনক জীপাল কৰি ৰাখে।শৰ্মিষ্ঠাক লগ নোপোৱা হ'লে জীৱনটো সম্পূৰ্ণ নহ'লহেতেন।

অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয় যে-'পৃথিৱীৰ পাচটা প্ৰকাশণ গোষ্ঠীয়ে আমাৰ ফুলগুৰিৰ ছোৱালী এজনীৰ এখন কিতাপ প্ৰকাশ কৰি পৃথিৱীত এৰি দিব সেইটো গৌৰৱৰ কথা।' তেওঁ লগতে কয় যে-'কিতাপখনত মানৱতাৰ জয়গান গাইছে।লগতে ৰং তুলিকাৰে প্ৰতিভাত কৰিব বিচাৰিছে চৌদিশ।'

শৰ্মিষ্ঠা প্ৰীতমৰ আত্মবিশ্বাসৰ বীজ সৰুৰে পৰাই আছে বুলি মন্তব্য কৰি প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয় যে-'বীজটোৱে যেতিয়া পুলি পোখা মেলি ডাঙৰ হৈছে তেতিয়া তেওঁ কৈছে জীৱনটো মোৰ যুঁজিবৰ বাবে।

অনুষ্ঠানটোত অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট চিকিৎসক ডাঃ মনালিছা গোস্বামী শৰ্মাই কয় যে-'অসমৰ শিল্পী,অসমৰ শিক্ষক,অসমৰ লেখকে বাহিৰত আদৰ নাপায়।কাৰণ নিজৰ মানুহখিনিক আমি সন্মান দিব জনা নায়।এই বিষয়টো হ'ব যেতিয়া লেখকৰ কিতাপ অনুবাদ হ'ব ।'

অনুষ্ঠানটোত অৰ্ঘদীপ বৰুৱা, বুকনুকৰ স্বতাধিকাৰী তথা গ্ৰন্থ ৰসিক বিজিত বৰঠাকুৰ,অঞ্জলী মহন্ত,থগিত মহন্ত,ৰূপালী দৈমাৰী,বৰষা তামুলীয়ে শৰ্মিষ্ঠা প্ৰীতমৰ গ্ৰন্থৰ ওপৰত পাঠক হিচাপে নিজৰ মতামত আগবঢ়ায়।আলিবাট প্ৰকাশণ গোষ্ঠীৰ স্বতাধিকাৰী প্ৰাঞ্জল কুমাৰ মহন্তই আঁত ধৰা অনুষ্ঠানটোত নিজৰ অনুভৱ ব্যক্ত কৰি বিশিষ্ট লেখিকা শৰ্মিষ্ঠা প্ৰীতমে কয় যে-পাঠকে এজন লেখকক জীয়াই ৰাখে এই কথাষাৰ মোৰ জীৱনত বাস্তৱিকতে সত্য।পাঠকে কেৱল মোৰ লেখক সত্বাটোকে জীয়াই ৰখা নাই মোৰ ঔষধৰ ব্যয়ো পাঠকে আগবঢ়াইছে।তাৰ বাবে তেওঁলোকৰ ওচৰত কৃতজ্ঞ।

তেওঁ লগতে কয় যে-'মই লেখিছো হৃদয়ৰ তাড়নাত।মই নিজৰ সীমাবদ্ধতাক স্বীকাৰ কৰি আহিছো।মোৰ অসাধাৰণ প্ৰত্যাশা নাই।কিন্তু ভালকৈ লেখাটো নিজৰ দায়বদ্ধতা বুলি ভাবো।' লেখাৰ আৰু পঢ়াৰ শেষ নাই বুলি মন্তব্য কৰি তেওঁ নিকট পৃথিৱীখনকে নিজৰ সৃষ্টিৰ আধাৰ কৰি লব পাৰো বুলি কয়। উল্লেখযোগ্য যে অনুষ্ঠানটোতে শৰ্মিষ্ঠা প্ৰীতমৰ 'ৰং' উপন্যাসখন বাইণ্ডিং কৰা বুক বাইণ্ডাৰ ছহিদুল ইছলামক সম্বৰ্ধনা জনোৱা হয়।

শৰ্মিষ্ঠা প্ৰিতমৰ  'ৰঙ'ৰ ইংৰাজী সংস্কৰণ প্ৰকাশৰ ক্ষণত 'প্ৰিয় পাঠক' অনুষ্ঠান
লখিমপুৰ জিলালৈ ৰাজ্যিক ভিত্তিত স্বীকৃতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in