লখিমপুৰ জিলালৈ ৰাজ্যিক ভিত্তিত স্বীকৃতি

লখিমপুৰ জিলালৈ ৰাজ্যিক ভিত্তিত স্বীকৃতি

author-image
Asomiya Pratidin
New Update
লখিমপুৰ জিলালৈ ৰাজ্যিক ভিত্তিত স্বীকৃতি

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্য চৰকাৰে খিলঞ্জীয়া ভূমিপুত্ৰক মাটিৰ ম্যাদী পট্টা প্ৰদানৰ হেতু প্ৰৱৰ্তন কৰা মিছন বসুন্ধৰা ২.০ আঁচনি ইতিমধ্যে সফল পৰিসমাপ্তি ঘটিছে । ৰাজ্যখনৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জৰিয়তে লাখ লাখ থলুৱা ভূমিপুত্ৰক ভূমিৰ অধিকাৰ প্ৰদানৰ হেতু গ্ৰহণ কৰা এই জনমুখী আঁচনিৰ সফল সম্পন্ন হোৱাৰ ক্ষেত্ৰত লখিমপুৰ জিলাই বৰেণ্য অৱদান আগবঢ়াবলৈ সক্ষম হৈছে।

Advertisment

লখিমপুৰ জিলাখনৰ মুঠ ৭টা ৰাজহ চক্ৰৰ লগতে জিলা ৰাজহ বিভাগৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত নিৰ্ধাৰিত সময়ৰ ভিতৰত জিলাখনে সন্তোষজনক ভাবে ভূমি গোচৰ নিস্পত্তি কৰি ভূমিহীন পৰিয়ালক ভূমি আবন্টন আৰু পট্টা প্ৰদান কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মিছন বসুন্ধৰা ২.০ৰ এনে সন্তোষজনক সফলতাত উৎকৃষ্ট সেৱা আগবঢ়োৱা জিলা মহকুমা আৰু ৰাজহ চক্ৰ সমূহক বিশেষ ভাবে সন্মানিত কৰি কৰ্মোদ্যমৰ শলাগ লৈ ৰাজহুৱা স্বীকৃতি প্ৰদান কৰে যোৱা ১৬ ফেব্ৰুৱাৰীত।

সেই অনুক্ৰমে ৰাজ্যখনৰ ভিতৰত তৃতীয় সৰ্বোচ্চ কৃতকাৰ্য জিলা (বেষ্ট পাৰ্ফৰ্মিং ডিষ্ট্ৰিক্ট) হিচাবে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে লখিমপুৰ জিলাই। ৰাজ্যিক ভিত্তিক তৃতীয় শ্ৰেষ্ঠ সফল জিলা হিচাবে নিৰ্বাচিত আৰু স্বীকৃত জিলাখনৰ জিলা আয়ুক্ত ,উপ জিলা আয়ুক্ত আৰু চক্ৰ বিষয়া সকলক উক্ত দিনা বিশেষ ভাবে সন্মানিত কৰা হয় ।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এক বৰ্ণাঢ্য অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা , ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা দপ্তৰৰ মন্ত্ৰী যোগেন মহনৰ লগতে বিভাগীয় শীর্ষ আমোলা বিষয়াসকল। জনাকীৰ্ণ সভাতেই লখিমপুৰ জিলাৰ জিলা আয়ুক্ত গীতা দেৱী হৰলিঙে আৰু ঢকুৱাখনা উপ জিলাৰ উপ আয়ুক্ত কাৰ্ত্তিক কলিতাই মুখ্যমন্ত্ৰী আৰু ৰাজহ মন্ত্ৰীৰ পৰা তৃতীয় শ্ৰেষ্ঠ কাৰ্যদক্ষ জিলাৰ গৰিমামণ্ডিত বঁটা গ্ৰহণ কৰে ।

উল্লেখযোগ্য যে জিলাখনৰ অন্তৰ্গত ঢকুৱাখনা উপ জিলাৰ দুই ৰাজহ চক্ৰ সোৱণশিৰি আৰু ঢকুৱাখনা ৰাজহ চক্ৰৰ হৈ এই কৃতকাৰ্যতাৰ বঁটা গ্ৰহণ কৰে উপ জিলা আয়ুক্ত কাৰ্ত্তিক কলিতাই। ঢকুৱাখনা আৰু সোৱণশিৰী ৰাজহ চক্ৰৰ বিষয়া আৰু কৰ্মচাৰী সকলৰ সুদীর্ঘ দিনীয়া নিৰবিছিন্ন প্ৰচেষ্টাৰ ফলত আজুৰি আনিবলৈ সক্ষম হোৱা এই কৃতিত্বক উপ জিলা আয়ুক্ত কলিতাই শলাগ লৈছে । উল্লেখযোগ্য যে এই মিছন বসুন্ধৰা ২'০ ত ৰাজ্যিক ভিত্তিত প্ৰথম সফলতা অর্জন কৰিছে ধেমাজি জিলাই ,দ্বিতীয় স্থান অর্জন কৰিছে ডিব্ৰুগড় জিলাই।

Also Read: তিতাবৰ মহকুমা চিকিৎসালয়ত গৌতম বুদ্ধৰ প্ৰতিমূৰ্তিত ডাষ্টবিন ব্যৱহাৰক লৈ বিতৰ্ক