বটদ্ৰৱা বৰভেটি শ্ৰীশ্ৰী মাধৱদেৱ পুথিভঁৰাল সমিতিৰ সৌজন্যত দুদিনীয়াকৈ ৰঙালী উৎসৱ উদযাপনৰ প্ৰস্তুতি…

বটদ্ৰৱা বৰভেটি শ্ৰীশ্ৰী মাধৱদেৱ পুথিভঁৰাল সমিতিৰ সৌজন্যত দুদিনীয়াকৈ ৰঙালী উৎসৱ উদযাপনৰ প্ৰস্তুতি…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা বৰভেটি শ্ৰীশ্ৰী মাধৱদেৱ পুথিভঁৰাল সমিতিৰ সৌজন্যত বৰভেটি গাঁৱৰ যুৱক-যুৱতীসকলৰ সহযোগত অহা ৩ আৰু ৪ মে'ত দুদিনীয়াকৈ ৰঙালী উৎসৱ উদযাপন কৰাৰ প্ৰস্তুতি চলিছে। কাৰ্যসূচী অনুসৰি ৩ মে'ৰ পুৱা ৯-০০ বজাত পতাকা উত্তোলন, গছপুলি ৰোপণ, ১১-০০ বজাত গাঁৱৰ নামঘৰত বছৰটোৰ কুশল মংগল কামনা কৰি নাম কীৰ্তন কৰা হ’ব।

আনহাতে উক্ত দিনা বিয়লি ৩-০০ বজাত বিহুতলীত চিত্ৰাংকন প্ৰতিযোগিতা, ৪-০০ বজাত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সন্ধিয়া ৬-০০ বজাত বন্তি প্ৰজ্বলন, ৭-০০ বজাত মঞ্চ উদ্বোধনৰ পাছত বৰগীত পৰিৱেশন আৰু বহমথুৰী বিহুৱা দলৰ নৃত্য অনুষ্ঠানৰ লগতে স্থানীয় শিল্পীৰ গীত মাত নৃত্য-সমাহাৰেৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।

ইফালে ৪ মেৰ' পুৱা ৮-০০ বজাত চাফাই অভিযান কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব। দুপৰীয়া ১-০০ বজাত মুকলি সভা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হ’ব।
উদ্যোক্তাই জনোৱা অনুসৰি উক্ত দিনা নিশা ৮-০০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত কন্ঠশিল্পী প্ৰিয়ম পাৰ্থ আৰু ৰাজশ্ৰী কাশ্যপে গীতৰ শৰাই আগবঢ়াব।

ৰঙালী উৎসৱৰ সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ হৈ সভাপতি ভাস্কৰ জ্যোতি বৰা আৰু সম্পাদক জয়ন্ত কুমাৰ বৰুৱাই।

বটদ্ৰৱা বৰভেটি শ্ৰীশ্ৰী মাধৱদেৱ পুথিভঁৰাল সমিতিৰ সৌজন্যত দুদিনীয়াকৈ ৰঙালী উৎসৱ উদযাপনৰ প্ৰস্তুতি…
ত্ৰিপুৰাত তিনি বাংলাদেশীক গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in