নৰোৱা কুজি সত্ৰত গুৰু জনাৰ আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন

নৰোৱা কুজি সত্ৰত গুৰু জনাৰ আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ গুৰু জনাৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ অহা ২৪ চেপ্তেম্বৰ ২০২৩ দেওবাৰে যথাবিহিত ভাৱে নৰোৱা কুজি সত্ৰত আয়োজন কৰা হৈছে।

কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা ৬ বজাত প্ৰাতঃ কীৰ্তন, ৮ বজাত আয়তীৰ কীৰ্তন ১০ বজাত খোল প্ৰসঙ্গ, দুপৰীয়া গুৰু স্মৰণ কীৰ্তন মহোৎসৱৰ পাছত সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত হ'ব।

মৰিগাঁও জিলাৰ অন্তৰ্গত তথা বটদ্ৰৱা থানৰ দক্ষিণ দিশত অৱস্থিত ঐতিহ্যমণ্ডিত নৰোৱা কুজি সত্ৰৰ মহাপুৰুষ শংকৰদেৱৰ জন্মজয়ন্তী উৎসৱৰ সকলো কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে নৰোৱা কুজি সত্ৰ পৰিচালনা সমিতিয়ে।

নৰোৱা কুজি সত্ৰত গুৰু জনাৰ আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন
আজি বিশ্ব গঁড় দিৱস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in