নাৰী দিৱস উপলক্ষে প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত মহিলা চিত্ৰশিল্পীৰ চিত্ৰ প্ৰদৰ্শনী...

মুখ্য অতিথি হিচাপে অংশগ্ৰহণ বিশিষ্ট চলচ্চিত্ৰ সমালোচক, জ্যেষ্ঠ সাংবাদিক মনোজ বৰপূজাৰীৰ
নাৰী দিৱস উপলক্ষে প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত মহিলা চিত্ৰশিল্পীৰ চিত্ৰ প্ৰদৰ্শনী...
নাৰী দিৱস উপলক্ষে প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত মহিলা চিত্ৰশিল্পীৰ চিত্ৰ প্ৰদৰ্শনী...

ডিজিটেল সংবাদ নগাঁও: আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আজি নগাঁৱৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত মহিলা চিত্ৰশিল্পীসকলৰ চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ উদ্বোধন কৰে চিত্ৰ সমালোচক তথা কলা ইতিহাসবিদ মৌচুমী কন্দলীয়ে।

তেওঁ কয় যে-' আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা মহিলা চিত্ৰ শিল্পীসকলৰ চিত্ৰ প্ৰদৰ্শনী গৌৰৱৰ কথা।কন্দলীয়ে অসমত নতুন নতুন সংগ্ৰহালয় তথা কলাক্ষেত্ৰ নিৰ্মাণ হোৱাটো বিচাৰে বুলি উল্লেখ কৰে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট চলচ্চিত্ৰ সমালোচক তথা জ্যেষ্ঠ সাংবাদিক মনোজ বৰপূজাৰী।সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে চিত্ৰশিল্পী টিকেন্দ্ৰজিৎ শইকীয়াই।

অনুষ্ঠানত অংশগ্ৰহণ কৰা গুৱাহাটীৰ চিত্ৰশিল্পীসকল হৈছে বন্দনা নাথ,পৰাণ বন্তি দেৱী,অৰুন্ধতী চৌধুৰী,কুকিমা কাকতি,দিতীমনি দাস,ৰেখা দত্ত শইকীয়া।নগাঁৱৰ চিত্ৰশিল্পীসকল হৈছে গীতিকা শৰ্মা,গীতাঞ্জলী বৰুৱা,গাৰ্গী গীতম বৰা,আৰাধনা বৰুৱা আৰু দীপাঞ্জলী বৰা।

অনুষ্ঠানত বৰ্ণালী হাজৰিকা, চন্দনা বেজবৰুৱা, সুৰঞ্জিতা বৰুৱা আৰু উজ্জ্বলজ্যোতি দাস উপস্থিত থাকে প্ৰদৰ্শনীত চিত্ৰশিল্পীসকলে নাৰীসকলৰ চিত্ৰ শিল্পলৈ অৱদান, শিল্পীকলৈ চলচ্চিত্ৰ নিৰ্মাণ আৰু প্ৰণৱ বৰুৱাৰ চিত্ৰশিল্পৰ প্ৰতি থকা অৱদানক সোঁৱৰে।

নাৰী দিৱস উপলক্ষে প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত মহিলা চিত্ৰশিল্পীৰ চিত্ৰ প্ৰদৰ্শনী...
শিৱৰাত্ৰি উপলক্ষে ধৰ্মীয় শোভাযাত্ৰাত অঘটনঃ বিদ্যুৎস্পৃষ্ট হৈ ১৮ শিশু আহত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in