৫ দিনৰ পিছতে দুই সাম্প্ৰদায়িক শক্তি দুখন যুদ্ধত অৱতীৰ্ণ হ'বঃ প্ৰদ্যুৎ বৰদলৈ

মাধৱপাৰা আৰু গেৰজাইপাম পঞ্চায়তৰ দুই সহস্ৰাধিক লোকৰ উপস্থিতিত কংগ্ৰেছৰ সভা

author-image
Asomiya Pratidin
New Update
৫ দিনৰ পিছতে দুই সাম্প্ৰদায়িক শক্তি দুখন যুদ্ধত অৱতীৰ্ণ হ'বঃ প্ৰদ্যুৎ বৰদলৈ

ডিজিটেল সংবাদ,কচুৱাঃ শনিবাৰে নগাঁও লোকসভাৰ অন্তৰ্গত ৰহা সমষ্টিৰ কচুৱা তিনিআলিত এখন নিৰ্বাচনী সভাত অংশ লয় কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে। সমষ্টিটোৰ মাধৱপাৰা আৰু গেৰজাইপাম পঞ্চায়তৰ দুই সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত কংগ্ৰেছে এ আই ইউ ডি এফ আৰু বিজেপিক সাম্প্ৰদায়িক দল বুলি মন্তব্য কৰে।

Advertisment

সভাত বিজেপি-এ আই ইউ ডি এফক ক্ষুৰধাৰ সমালোচনা কৰে প্ৰদ্যুৎ বৰদলৈয়ে। নিৰ্বাচনী সভাখনত নাদিম জাভেদকে ধৰি কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নেতা উপস্থিত থাকি কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক ভোট দি ৰাহুল গান্ধীৰ হাত শক্তিশালী কৰাৰ বাবে আহ্বান জনায়।

Also Read: আগৰ চৰকাৰবোৰত, অনুসূচীত জাতি আৰু অ'বিচি পৰিয়ালবোৰক বস্তিত বাস কৰিবলৈ বাধ্য কৰা হৈছিল : নৰেন্দ্ৰ মোডী

কংগ্ৰেছ প্ৰদ্যুৎ বৰদলৈ নগাঁও লোকসভা