ডিজিটেল সংবাদ, নগাঁও: মঙলবাৰে নিশা নগাঁও চহৰৰ বিভিন্ন দেৱালত লগোৱা এখন পোষ্টাৰে আলোড়নৰ সৃষ্টি কৰিছে সমগ্ৰ চহৰত৷ নিশাৰ আন্ধাৰত অজ্ঞাত লোকে লগোৱা নিৰ্দিষ্ট পোষ্টাৰখন এতিয়া সমগ্ৰ অঞ্চলটোতে আলোচ্য বিষয় হৈ পৰিছে ৷ ৰাজনৈতিক উদ্যেশ্যৰে লগোৱা পোষ্টাৰখনত লিখা হৈছে “ৰাজনৈতিক দলসমূহে ২০২৪ৰ নগাঁও লোকসভাত সংখ্যালঘুক প্ৰাৰ্থীত্ব দিয়ক“৷ সংখ্যালঘু ঐক্য মঞ্চ, নগাঁও নামৰ সংগঠনটোৰ বেনাৰত লগোৱা হৈছে পোষ্টাৰখন ৷
সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ পিছত নগাঁও লোকসভাৰ গঠনক লৈ সবৰ্ত্ৰে চৰ্চা হৈছিল ৷ সংখ্যালঘূৰ বাবে নগাঁও লোকসভা সমষ্টিটো এৰি দিয়া বুলি বিতৰ্কও চলিছিল ৷ এই বিতৰ্ক গৈ বিজেপিৰ বৰঘৰটো কপনি তুলিছিল ৷
এনে পৰিপ্ৰেক্ষিতত নিশা নগাঁও চহৰত কৰা পোষ্টাৰিঙে ৰহস্যৰ সৃষ্টি কৰিছে ৷ বৰ্তমান নগাঁও লোকসভাৰ সাংসদ কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ ৷ বৰদলৈক আগন্তুক দিনত নগাঁৱৰ পৰা খেদিবলৈ কংগ্ৰেছৰে শক্তিশালী চক্ৰই কুছ কাৱাজ চলাই আছে ৷
আনহাতে পুনৰগঠন হোৱা নগাঁও লোকসভাক লৈ অসন্তুষ্ট বিজেপি শিবিৰে ইতিমধ্যে গৃহমন্ত্ৰী অমৃত স্বাহক সাক্ষাতো কৰিছে৷ মিত্ৰ দল বিজেপি-অগপ শিবিৰত লোকসভাত নিৰ্বাচন খেলি দিল্লীলৈ যাবলৈ মন কৰা তালিকাত আছে ৰাজেন গোহাই, ৰূপক শৰ্মা, মনি মাধৱ মহন্ত আদিৰ নাম ৷
উল্লেখ্য যে নগাঁও চহৰৰ নেহৰুবালি, আয়ুক্ত কাৰ্যালয় আদিৰ ওচৰত ব্যাপকভাৱে এনে পোষ্টাৰ লগোৱা হৈছে ৷ ১২, ১৩ আৰু ১৬ অক্টোবৰত নেহৰুবালিত তিনিদিনীয়াকৈ বিজেপি চৰকাৰে ব্যাপক চৰকাৰী কাৰ্যসূচীৰ আয়োজন কৰিছে৷ প্ৰথম দিনা অৰুণোদয় চেক প্ৰদান, দ্বিত্বীয় দিনা নৱম শ্ৰেণীৰ ছাত্ৰীক চাইকেল বিতৰণ আৰু তৃতীয় দিনা মাইক্ৰফাইনেঞ্চনৰ ঋণৰ ৰেহাই চেক বিতৰণ কৰা হ'ব ৷
এক প্ৰকাৰে মহিলাৰ সমাৱেশেৰে তিনিদিন চমক দিবলৈ সমগ্ৰ নেহৰুবালিতে পেণ্ডেল দিয়া হৈছে ৷ এনে চৰকাৰী কাৰ্যসূচীৰ প্ৰাকক্ষণত এনে পোষ্টাৰিঙক লৈ সৰৱ চৰ্চা চলিছে নগাঁও চহৰত ৷