নগাঁৱত আৰক্ষীৰ অভিযান : ২৪জন জুৱাৰীক আটক

নগাঁৱত আৰক্ষীৰ অভিযান : ২৪জন জুৱাৰীক আটক

author-image
Asomiya Pratidin
New Update
নগাঁৱত আৰক্ষীৰ অভিযান : ২৪জন জুৱাৰীক আটক

ডিজিটেল সংবাদ, নগাঁও : নগাঁও আৰক্ষীয়ে বুধবাৰে নিশা অভিযান চলাই ২৪জন জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে নগাঁও চহৰৰ উবেদুৰ ৰহমান পথৰ এটা ভাড়াঘৰত অভিযান চলায়।

Advertisment

উক্ত অভিযানৰ সময়ত ২৪ জন জুৱাৰীক আটক কৰাৰ লগতে জুৱাত ব্যৱহাৰ কৰা সামগ্ৰী জব্দ কৰে। ইৰাণ আৰু জাপান নামৰ লোকৰ ভাড়াঘৰত দীৰ্ঘদিন ধৰি জুৱাৰী কেইজনে চলাই আহিছিল জুৱাৰ ৰমৰমীয়া অবৈধ বেহা।

সম্প্ৰতি অধিক তথ্যৰ বাবে তেওঁলোকক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Also Read: অসম ৰাজ্যিক মাষ্টাৰ্ছ সাঁতোৰ প্ৰতিযোগিতাৰ আয়োজন...

Assam police