চমুৱাগাঁৱত পথাৰ কবি ৰাম গগৈৰ স্মৃতি দিৱস উদযাপন

চমুৱাগাঁৱত পথাৰ কবি ৰাম গগৈৰ স্মৃতি দিৱস উদযাপন লগতে "আগলি শৰতৰ বা" শীৰ্ষক কাব্যানুষ্ঠান

author-image
Asomiya Pratidin
New Update
চমুৱাগাঁৱত পথাৰ কবি ৰাম গগৈৰ স্মৃতি দিৱস উদযাপন

ডিজিটেল সংবাদ, বেবেজীয়াঃ কলং, কপিলী আৰু সোণাইপৰীয়া এদল কবিকণ্ঠই শনিবাৰে বিয়লি মুখৰিত কৰি তুলিলে নগাঁও জিলাৰ চমুৱাগাঁৱৰ আকাশ-বতাহ। পথাৰ কবি ৰাম গগৈৰ ২৯ সংখ্যক স্মৃতি দিৱস উপলক্ষে চমুৱাগাঁওস্থিত হাতীচোং শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত অনুষ্ঠিত হয় "আগলি শৰতৰ বা" শীৰ্ষক এক কাব্যানুষ্ঠান।

Advertisment

সোণাইপৰীয়া শাখা কবি সন্মিলন আৰু জামুগুৰি শাখা কবি সন্মিলনৰ উদ্যোগত তথা নগাঁও জিলা কবি সন্মিলনৰ সহযোগত অনুষ্ঠিত এই অনন্য অনুষ্ঠানটিত অবিভক্ত নগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ অৰ্দ্ধশতাধিক কবি আৰু সাহিত্য অনুৰাগী উপস্থিত থাকে। কবি সঞ্জীৱ সাগৰ চৌধুৰীয়ে আঁতধৰা এই অনুষ্ঠানটিত পথাৰ কবি ৰাম গগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে 'নুপুৰ মোমাইদেউ' খ্যাত শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্যই। বন্তি প্ৰজ্বলন কৰি প্ৰদান কৰা ভাষণ প্ৰসংগত শিশু সাহিত্যিক গৰাকীয়ে কবিতা মনোৰঞ্জনৰ সম্পদ নহয় বুলি উল্লেখ কৰাৰ লগতে ইয়াক সমাজৰ বাৰ্তাবাহক বুলি অভিহিত কৰে।

ইয়াৰ পিছতেই অনুষ্ঠানস্থলীত থকা সুধাকণ্ঠ ভূপেন হাজৰিকা,ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ আৱক্ষ মূৰ্ত্তিত বন্তি প্ৰজ্বলন কৰে নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাই। জামুগুৰি শাখা কবি সন্মিলনৰ সভাপতি তথা লেখিকা কৰবী লিগিৰাই আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানটিত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে বিশিষ্ট কবি প্ৰদীপ শইকীয়াই।

ভাষণ প্ৰসংগত কবি প্ৰদীপ শইকীয়াই ৰাম গগৈৰ সান্নিধ্য আৰু তেওঁৰ মাৰ্ক্সবাদী চিন্তাৰ বিষয়ে সদৰী কৰাৰ লগতে কবিতাৰ দৃষ্টি সুদুৰপ্ৰসাৰী বুলি উল্লেখ কৰে। অংকিতা কাকতিয়ে বৰগীত পৰিবেশন কৰি শুভাৰম্ভ কৰা এই কবিতা পাঠৰ অনন্য অনুষ্ঠানত প্ৰথম সত্ৰৰ কবি হিচাপে কবিতা পাঠ কৰে ক্ৰমে নীলিমা ভূঞা বৰা, দ্বিজেন্দ্ৰ নাথ হাজৰিকা, কৃষ্ণ দৈমাৰী, অশোকৰাম ভট্টাচাৰ্য আৰু শশী কেওঁটে। কবি দুৰ্গেশ্বৰ বৰকটকী পৰ্যবেক্ষক হিচাপে উপস্থিত থকা পথাৰ কবি ৰাম গগৈৰ এই শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানত গৌৰৱ কুমাৰ ডেকা, ৰেইমী শৰ্মা, জ্যোতিপ্ৰসাদ বৰা, ৰাজেন বৰা, আৰতি মেধি, ৰাজু সমীৰণ, নীলকমল শইকীয়া, ড৹ কল্পিতা দেৱী, খৰ্গেশ্বৰ বৰা, যোগপ্ৰভা দেৱী, কেশব বৰা, ৰাণা প্ৰকাশ বৰা, থগিত মহন্ত, দিলীপ শইকীয়া, মিনতি দেৱী কাকতি, ৰূপম নাথ, মদাৰজ্যোতি, বিশ্বজিৎ (ৰাজীৱ) বৰঠাকুৰ আদিকে ধৰি বহু নবীন-প্ৰবীণ কবিয়ে কবিতা পাঠ কৰে।

ইফালে গধূলিলৈকে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত শিল্পী কানু কন্দলী, অজিত বৰা, তৰুণ শইকীয়া, জিতু শ্ৰাৱণ আদিয়ে চিৰসেউজ গীত পৰিবেশন কৰি অনন্য মাত্ৰা প্ৰদান কৰে। আনহাতে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ স্থলীতেই এখনি ক্ষুদ্ৰ গ্ৰন্থমেলাও অনুষ্ঠিত হয়।

nagaon