/asomiyapratidin/media/media_files/2025/05/15/ZZfKu9RmkyD8ysSWINal.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ আজি নগাঁও জিলাৰ কামপুৰৰ বঢ়মপুৰ বিধান সভা সমষ্টিৰ আৰু ৰহা বিধান সভা সমষ্টিৰ বিভিন্ন এলেকাত বান খহনীয়া এলেকাৰ লগতে নিৰ্মাণ হৈ থকা মথাউৰিৰ কামৰ পৰিদৰ্শন কৰে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই। উল্লেখ্য যে, জলসম্পদ বিভাগৰ নগাঁও সংমণ্ডলত ৰহা আৰু বঢ়মপুৰ বিধান সভা সমষ্টিত কপিলী নৈৰ বাঁওপাৰৰ গাৰোখুন্দা, বৰচুঙৰ পৰা চাংচাকীলৈ আৰু সোঁপাৰৰ বাৰেগোগাৰ পৰা নিজ নাৰিকলিলৈ মুঠ ৯.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ দুটা নতুন মথাউৰি নিৰ্মাণৰ কাম চলি আছে।
/asomiyapratidin/media/media_files/2025/05/15/4jq3kg5KpGV8sBrPvD0C.jpeg)
নিৰ্মাণ কাৰ্য শীঘ্ৰে ৰূপায়ণ কৰিবৰ বাবে মন্ত্ৰীজনে সংশ্লিষ্ট বিষয়ববীয়াক নিৰ্দেশনা প্ৰদান কৰে আৰু আগন্তুক দিনত প্ৰয়োজন অনুসৰি আন মথাউৰি নিৰ্মাণৰ কাম পৰ্যায়ক্ৰমে আৰম্ভ কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতি প্ৰদান কৰে। জানিব পৰা মতে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মন্ত্ৰী পীযুষ হাজৰীকাই বঢ়মপুৰ বিধানসভা সমষ্টিৰ বান খহনীয়া সমস্যাসমূহ পাৰ্যমানে নিৰ্মূল কৰাৰ লগতে জলসম্পদ বিভাগৰ অধীনত মথাউৰি নিৰ্মাণৰ কামসমূহ আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৰাইজক।
/asomiyapratidin/media/media_files/2025/05/15/L1IWS4kX9XSn7Pm9LrDg.jpeg)
পঞ্চায়ত নিৰ্বাচন পিছত তাৎক্ষণিকভাৱে মন্ত্ৰীজনে এইদৰে বান খহনীয়া এলেকা পৰিদৰ্শন কৰা ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। উক্ত পৰিদৰ্শন কালত মন্ত্ৰীজনৰ লগত উপস্থিত থাকে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰা তথা জলসম্পদ বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us