জাগীৰোডত মন্ত্ৰী পীযুষ হাজৰীকাৰ ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভা

মন্ত্ৰী পীযুষ হাজৰীকাই নিজ গৃহ সমষ্টি জাগীৰোডত ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে।

author-image
Tushar Pratim
New Update
জাগীৰোডত মন্ত্ৰী পীযুষ হাজৰীকাৰ ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভা

ডিজিটেল সংবাদ জাগীৰোডঃ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী থকা অৱস্থাত জাগীৰোড বিধানসভা সমষ্টিত শাসকীয় দল ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তোলা পৰিলক্ষিত হৈছে। মন্ত্ৰী পীযুষ হাজৰীকাই নিজ গৃহ সমষ্টি জাগীৰোডত ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে।

Advertisment

মন্ত্ৰীগৰাকীয়ে আজিও সমষ্টিটোত কেবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে আজি জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত শান্তিপুৰ ৰংগমঞ্চত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ধৰমতুল জিলা পৰিষদ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। 

জাগীৰোডত মন্ত্ৰী পীযুষ হাজৰীকাৰ ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভা

প্ৰতিকুল বতৰকো নেওচি সভাত উপস্থিত থকা ৰাইজক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে বিজেপি দলৰ নেতৃত্বত ৰাজ্যৰ লগতে সমষ্টিটোত চলা উন্নয়নমূলক কাম আৰু সুশাসনৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে। শক্তিশালী পঞ্চায়ত গঠনৰ বাবে আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থীসকলক বিপুল ভোটত জয়ী কৰিবলৈ মন্ত্ৰীগৰাকীয়ে ৰাইজক আহ্বান জনায়। 

ভাষণত মন্ত্ৰীগৰাকীয়ে ধৰমতুল-নেলী আদি অঞ্চলৰ বানপানী একেবাৰে নাইকিয়া কৰাৰ কথা উল্লেখ কৰে। এই অঞ্চলৰ ৰাস্তা-ঘাটৰ অৱস্থা আগতকৈ বহুত ভাল হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে যেতিয়া মই জাগীৰোড সমষ্টিত প্ৰথম নিৰ্বাচন খেলিবলৈ আহিছিলো তেতিয়া এই অঞ্চলৰ ৰাস্তা-ঘাটৰ অৱস্থা অত্যন্ত বেয়া আছিল। 

জাগীৰোডত মন্ত্ৰী পীযুষ হাজৰীকাৰ ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভা

আজি ৰাস্তা-ঘাটৰ অৱস্থা যথেষ্ট ভাল হ’ল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে আগন্তুক দিনত এই অঞ্চলৰ ৰাস্তা-ঘাট আৰু ভাল কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মন্ত্ৰীগৰাকীয়ে জাগীৰোডৰ পেপাৰ মিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰীয়ে ছেমিকণ্ডাক্টৰ উপহাৰ দিয়াৰ কথা উল্লেখ কৰে। এই ছেমিকণ্ডাক্টৰ উদ্যোগত ২৯ হাজাৰ যুৱক-যুৱতীয়ে চাকৰি লাভ কৰিব আৰু ইয়াৰ ভিতৰত প্ৰায় ১০ হাজাৰ জাগীৰোডৰ ল’ৰা-ছোৱালীয়ে সংস্থাপন পাব বুলি মন্ত্ৰীগৰাকীয়ে কয়। 

এই ছেমিকণ্ডাক্টৰ উদ্যোগ হোৱাৰ বাবে ধৰমতুলৰ পৰা আঁহতগুৰিলৈকে যথেষ্ট উদ্যোগীৰ আগমন হোৱা বুলি তেওঁ উল্লেখ কৰি ইয়াৰ জৰিয়তে জাগীৰোডৰ যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিব আৰু অঞ্চলটোৰ অৰ্থনৈতিক অৱস্থা ভাল হ’ব বুলি উল্লেখ কৰে। আনহাতে, নতুনকৈ উদ্যোগ স্থাপনৰ বাবে অসম চৰকাৰে ১০০০ বিঘা মাটি লোৱাৰ কথাও তেওঁ উল্লেখ কৰে। 

এই অঞ্চলত নতুন নতুন উদ্যোগ স্থাপন হোৱাৰ লগতে আঁহতগুৰিৰ পৰা জাগীৰোডলৈকে ইণ্ডাষ্ট্ৰীয়েল কৰিডৰ হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে উদ্যোগ স্থাপন হ’লে এই অঞ্চলৰ ল’ৰা-ছোৱালীয়ে চাকৰি বিচাৰি আৰু বাহিৰলৈ যাবলগীয়া নহ’ব। এই অঞ্চলৰ ল’ৰা-ছোৱালীয়ে ইয়াতেই সংস্থাপন লাভ কৰিব আৰু অঞ্চলটো আগবাঢ়ি যাব বুলি তেওঁ ভাষণত কয়। 

জাগীৰোডত মন্ত্ৰী পীযুষ হাজৰীকাৰ ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভা

এনেদৰে মন্ত্ৰীগৰাকীয়ে ভাষণত বিজেপি নেতৃত্বাধীন চৰকাৰখনে দুখীয়া ৰাইজৰ বাবে হাতত লোৱা বিভিন্ন আঁচনি, কৃষক ৰাইজৰ বাবে গ্ৰহণ কৰা পদক্ষেপ আদিৰ বিষয়ে উল্লেখ কৰি জাগীৰোড সমষ্টিক অসমৰ শ্ৰেষ্ঠ পাঁচটা সমষ্টিৰ ভিতৰত এটা সমষ্টি কৰিবলৈ মন্ত্ৰীগৰাকী বদ্ধপৰিকৰ বুলি ভাষণত উল্লেখ কৰে।  

ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ ডোঙাবড়ী ৰাস মন্দিৰ প্ৰাংগণত অনুষ্ঠিত আন এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে অঞ্চলটোত ৰূপায়ণ কৰা চৰকাৰী বিভিন্ন উন্নয়নমূলক আঁচনিৰ খতিয়ান দাঙি ধৰাৰ লগতে বিশেষকৈ অঞ্চলটোত বানপানী প্ৰতিৰোধ কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে। 

নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে পালন কৰা বুলিও মন্ত্ৰীগৰাকীয়ে উপস্থিত ৰাইজক ভাষণৰ মাজেৰে অৱগত কৰে। আনকি তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ নহয়, উত্তৰ পূৰ্বাঞ্চলৰ নহয়, উত্তৰ ভাৰতৰ সকলোতকৈ ডাঙৰ উদ্যোগ টাটা ছেমিকণ্ডাক্টৰটোক জাগীৰোডক দিয়া বুলি উল্লেখ কৰে। 

এই উদ্যোগটোৰ জৰিয়তে জাগীৰোডৰ পৰিৱৰ্তন লেখতল’বলগীয়া হ’ব বুলি তেওঁ দাবী কৰে। সভাত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰভাৰী হৰিশ দ্বিবেদীয়েও ভাষণ দাঙি ধৰে। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে জাগীৰোড বহুমুখী প্ৰেক্ষাগৃহত অনুষ্ঠিত বিজেপিৰ আন এখন পঞ্চায়ত নিৰ্বাচনী সভাত উপস্থিত থাকি ৰাইজক সম্বোধন কৰে। 

মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত জাগীৰোড কাগজ কল কংগ্ৰেছৰ দিনত বন্ধ হোৱা বুলি উল্লেখ কৰে। তেওঁ যেতিয়া বিধায়ক নিৰ্বাচিত হৈছিল সেই সময়ত তেওঁ জাগীৰোডলৈ আহিবলৈ ভয় কৰিছিল বুলি আজি সভাত উল্লেখ কৰে। 

কিয়নো পেপাৰ মিলটো বন্ধ হোৱাৰ পিছত ইয়াৰ পৰিৱেশটো তেওঁৰ বাবে অত্যন্ত বেদনাদায়ক আছিল বুলি উল্লেখ কৰে। অসম প্ৰদেশৰ প্ৰভাৰী হৰিশ দ্বিবেদীৰ সন্মুখত মন্ত্ৰীগৰাকীয়ে সেই সময়ৰ পেপাৰ মিলটোৰ কৰ্মচাৰীসকলৰ দুখ-দুৰ্দশাৰ কাহিনী দাঙি ধৰে। 

তেওঁ কয় যে মিলটোত প্ৰায় ২ হাজাৰ কৰ্মচাৰী আছিল, মিলটো বন্ধ হোৱাত কৰ্মচাৰীসকলৰ দৰমহা বন্ধ হৈছিল, কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ লাগিছিল। সেই সময়ত মিলটোৰ কৰ্মচাৰীসকলে প্ৰায়ে তেওঁ লগ কৰিবলৈ আহিছিল বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। 

পিছত ৰাজ্য চৰকাৰে ৮০০ কোটি টকা সেইসকল লোকক দি জাগীৰোড কাগজ কলটোৰ ভূমি চৰকাৰে লৈ লয় আৰু তাৰেই ফল আজিৰ ছেমিকণ্ডাক্টৰ বুলি মন্ত্ৰীগৰাকীয়ে অৱগত কৰে। জাগীৰোডত ছেমিকণ্ডাক্ট স্থাপন কৰাত বাধা প্ৰদান কৰা কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে ৰাইজক কংগ্ৰেছক ভোট নিদিবলৈ আহ্বান জনায়। 

সভাত মন্ত্ৰীগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ নেতৃত্বত তৃণমূল পৰ্যায়ত ৰাজ্যৰ উন্নয়নী যাত্ৰাত সকলোকে সহযোগ কৰিবলৈ তেওঁলোকৰ প্ৰাৰ্থীসকলক ভোট দি জয়যুক্ত কৰাবলৈ আহ্বান জনায়। এই সভাতো বিজেপিৰ অসম প্ৰদেশৰ প্ৰভাৰী হৰিশ দ্বিবেদীয়ে ভাষণ দাঙি ধৰে। 

ইপিনে, মন্ত্ৰীগৰাকীয়ে আজি সংবাদ মাধ্যমৰ আগত কংগ্ৰেছৰ ভিতৰচৰাত হোৱা বিশেষ লেনদেন সম্পৰ্কীয় সংঘৰ্ষৰ বাবে বিজেপি দলক দোষাৰোপ কৰাটো অতিকৈ হাস্যকৰ বিষয় বুলি মন্তব্য কৰে। এই ক্ষেত্ৰত উচিত তদন্তই সকলো কথা স্পষ্ট কৰিব বুলি তেওঁ মন্তব্য কৰে। 

তেওঁ কয় যে টকা দি যিসকলে টিকট নাপালে, তেওঁলোকে আক্ৰমণ কৰা বুলি খবৰ ওলাই আছে। পুলিচে তদন্ত কৰিলে গোটেই কথাখিনি স্পষ্ট হ’ব। তেওঁ পুনৰ কয় যে এইক্ষেত্ৰত বিজেপিলৈ বোকা চটিওৱাটো কংগ্ৰেছৰ নিয়ম। কিন্তু তদন্তত ওলাইছে যে যিসকলে টকা দি টিকট নাপালে, তেওঁলোকেহে আক্ৰমণ কৰিছে। তদন্তত এই কথা ইতিমধ্যে ওলাই পৰা বুলি মন্ত্ৰীগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

পঞ্চায়ত নিৰ্বাচন পীযুষ হাজৰীকা জাগীৰোড