ড° বি.চি. ৰয় ট্ৰফী জুনিয়ৰ বয়জ নেচ'নেল ফুটবল চেম্পিয়নশ্বিপৰ উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

ড° বি.চি. ৰয় ট্ৰফী জুনিয়ৰ বয়জ নেচ'নেল ফুটবল চেম্পিয়নশ্বিপৰ উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

author-image
Asomiya Pratidin
New Update
ড° বি.চি. ৰয় ট্ৰফী জুনিয়ৰ বয়জ নেচ'নেল ফুটবল চেম্পিয়নশ্বিপৰ উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

ডিজিটেল সংবাদ,নগাঁও: দেওবাৰৰ পৰা নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত আৰম্ভ হোৱা 'ড° বি.চি. ৰয় ট্ৰ'ফী জুনিয়ৰ বয়জ নেচ'নেল ফুটবল চেম্পিয়নশ্বিপ'ৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা। ভাৰতৰ ১৯ খন ৰাজ্যই অংশ লোৱা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন উদ্বোধন কৰি ৰখা বক্তব্যত মন্ত্ৰী হাজৰীকাই সকলো দলৰ খেলুৱৈকে আন্তৰিক শুভকামনা জ্ঞাপন কৰি অসমলৈ স্বাগতম জনায়।

Advertisment

ক্ৰীড়াই শাৰীৰিকভাৱে ব্যক্তি এজনক সবল কৰি ৰখাৰ লগতে সমাজ এখনকো সুশৃংখল কৰি ৰখাত সহায় কৰে বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই। লগতে আজিকালি ক্ৰীড়াই প্ৰতিষ্ঠিত হোৱাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা লয় বুলি উল্লেখ কৰে।ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ খেলুৱৈ ৰিয়ান পৰাগ,দেশৰ জাতীয় ফুটবল দলৰ খেলুৱৈ হলিচৰণ নাৰ্জাৰী,অলিম্পিকত পদক বিজয়ী বক্সাৰ লাভলিনা বৰগোহাঁই, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এথলিট হিমা দাস আদি অসমৰ খেলুৱৈসকলৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে আজিকালি ভাল খেলা সকলৰ বাবে প্ৰতিষ্ঠা নিজে নিজে আহি পৰে।

আনহাতে সমাজৰ উত্তৰ প্ৰজন্মক ফুটবলৰ দৰে খেলৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ অভিভাৱকসকলৰ যথেষ্ট ভূমিকা থাকে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই সকলোকে এই ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ আহ্বান জনায়।উল্লেখ্য যে পূৰ্বতে ৩ বাৰকৈ অসমত অনুষ্ঠিত হৈ যোৱা ড° বি.চি. ৰয় ট্ৰ'ফী জুনিয়ৰ বয়জ নেচ'নেল ফুটবল চেম্পিয়নশ্বিপৰ এইবৰ্ষত ভাৰতৰ মুঠ ১৯ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ দলে অংশগ্ৰহণ কৰিছে।

ভাৰতীয় ফুটবল ফেডাৰেচ্যনৰ অধীনত, অসম ফুটবল সন্থাৰ সহযোগত আৰু নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত ফুটবল প্ৰতিযোগিতাখন অহা ১১ আগষ্ট পৰ্যন্ত অনুষ্ঠিত হ'ব।আজিৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে বিধায়কদ্বয় ৰূপক শৰ্মা আৰু শচীকান্ত দাস, ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ হলিচৰণ নাৰ্জাৰীৰ লগতে অসম ফুটবল সন্থা আৰু নগাঁও ক্ৰীড়া সন্থাৰ বিষয়ববীয়া উপস্থিত আছিল।

Also Read: হীৰেন ভট্টাচাৰ্য্যৰ জন্মদিন : চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বহুভাষিক কবি সন্মিলন

nagaon pijush hazarika