বানত ক্ষতিগ্ৰস্ত ঘৰৰ গৰাকীয়ে পাব ১ লাখ ২০ হাজাৰকৈ টকাঃ পীযুষ হাজৰীকা

বানত ক্ষতিগ্ৰস্ত ঘৰৰ গৰাকীয়ে পাব ১ লাখ ২০ হাজাৰকৈ টকাঃ পীযুষ হাজৰীকা

author-image
Asomiya Pratidin
New Update
বানত ক্ষতিগ্ৰস্ত ঘৰৰ গৰাকীয়ে পাব ১ লাখ ২০ হাজাৰকৈ টকাঃ পীযুষ হাজৰীকা

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমত বানপানীৰ দুটাকৈ ৱেভ ইতিমধ্যে পাৰ হৈ গ’ল। এই দুটা ৱেভত প্ৰায় ৪.৫০ লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছে। প্ৰায় ৫৫০ টা বাসগৃহ সম্পূৰ্ণ ক্ষতিগ্ৰস্ত হৈছে। এই ঘৰ বিলাকৰ গৰাকীক ১ লাখ ২০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব আৰু অহা ১২ আগষ্টৰ ভিতৰত ঘৰৰ গৰাকীয়ে লাভ কৰিব।- এই মন্তব্য অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ। নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীৰূপে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মঙলবাৰে এখন পৰ্যালোচনা বৈঠকত ভাগ লোৱাৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে।

Advertisment

নগাঁও জিলাখনক বানমুক্ত কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। জিলাখনক বানমুক্ত কৰাৰ প্ৰচেষ্টাৰূপে চাংচকীত ৬ কিল'মিটাৰ নতুন মথাউৰি নির্মাণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বাৰিষা শেষ হোৱাৰ পাছতে মথাউৰিৰ কাম আৰম্ভ কৰা হ’ব বুলি তেওঁ কয়। ইয়াৰ বাবে সকলোখিনি প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে বুলি উল্লেখ কৰি পাছৰ পৰ্যায়ত গাৰোখুন্দাৰ পৰা বকুলগুৰিলৈ ১৫ কিল'মিটাৰ দৈৰ্ঘ্যৰ বান্ধ নিৰ্মাণৰ চেষ্টা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এইখিনি কাম হ’লে নগাঁও জিলাত ৯০ শতাংশ বানপানী নাইকীয়া হ’ব তেওঁ কয়।

আনহাতে, জিলাখনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ জিলাখনত আৰু ৬০ হাজাৰ হ’ব বুলি কয়। এই ঘৰসমূহ হ’লে কেঁচা ঘৰ ৯৫ শতাংশ নাইকীয়া হৈ যাব বুলি প্ৰকাশ কৰে। তদুপৰি, ন্যূনতম সমৰ্থন মূল্য(MSP) দিয়াৰ পাছত সৰিয়হ আৰু ধানত উৎপাদন যথেষ্ট বাঢ়িছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ধান আৰু সৰিয়হত MSP দিয়াৰ কাৰণে কৃষক ৰাইজৰ বহুত সুবিধা হোৱাৰ লগতে কৃষকে দুগুণ উৎসাহেৰে খেতি কৰিবলৈ লৈছে বুলি কয়।

উল্লেখ যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী পীযুষ হাজৰীকাক পুনৰবাৰ নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীৰূপে দায়িত্ব প্ৰদান কৰাৰ পাছত আজি মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ সকলো বিভাগৰ মুৰব্বী বিষয়াৰ উপস্থিতিত জিলাখনৰ উন্নয়নমূলক আৰু চৰকাৰী আঁচনিসমূহ ৰূপায়ণ কৰা সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত জলসম্পদ, স্বাস্থ্য, কৃষি, শিক্ষা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আদি সকলো বিভাগৰ বিভিন্ন আঁচনিৰ বিষয়ে পৰ্যালোচনা কৰা হয়। সমাজৰ আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ যোগ্য লোকসকলে যাতে চৰকাৰী গৃহ লাভ কৰে, সেই বিষয়ে সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগক কাম কৰি যাবলৈ মন্ত্ৰী হাজৰীকাই আহ্বান জনায়। খেতিয়কসকলে কৃষি বিভাগৰ পৰা পৰ্যাপ্ত সুবিধা লাভ কৰা, ৰোগীয়ে হাস্পতালত উন্নত মানৰ চিকিৎসা লাভ কৰা আদি বিষয়সমূহ সুনিশ্চিত কৰিবলৈ বৈঠকত মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰে।

বৈঠকত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ আন প্ৰতিটো বিভাগৰে কামৰ খতিয়ান লোৱাৰ লগতে জিলাখনৰ বান-খহনীয়া সমস্যাৰ বিষয়ে আলোচনা কৰি প্ৰতিৰোধৰ বাবে ল'বলগীয়া পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে। আনহাতে, বানৰ সময়ছোৱাত বানাক্ৰান্তই খাদ্য, পশুখাদ্য, চিকিৎসাজনিত সুবিধাসমূহ সঠিককৈ লাভ কৰিছেনে নাই, সেই বিষয়েও মন্ত্ৰীগৰাকীয়ে বুজ লয়।

পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীৰ সৈতে বিধায়ক ক্ৰমে ৰূপক শৰ্মা, জিতু গোস্বামী, শশীকান্ত দাসৰ লগতে জিলা আয়ুক্তসহ জিলাখনৰ সকলো বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।

উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে আজি নগাঁৱৰ আমোলাপট্টিস্থিত ৰত্নকান্ত বৰকাকতি উচ্চ মাধ্যমিক বিদ্যালয়ত বানাক্ৰান্তৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। এই শিবিৰত ২৪টা পৰিয়ালৰ মুঠ ৯২গৰাকী সদস্যই আশ্ৰয় লৈ আছে। আজি শিবিৰটো পৰিদৰ্শন কৰি বানাক্ৰান্তৰ সৈতে মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰাৰ লগতে খাদ্য, শিশুখাদ্য, চিকিৎসা আদিৰ লগতে পৰ্যাপ্ত পৰিমাণে অত্যাৱশ্যকীয় সা-সুবিধাসমূহ লাভ কৰিছেনে নাই, সেই বিষয়ে বুজ লয়।

Also Read: শোণিতপুৰত অক্ষৰ ফাউণ্ডেশ্বনৰ উদ্যোগত গ্ৰীষ্মকালীন শিবিৰ...

pijush hazarika