/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/f94a28a1-3fac-44f3-a973-56c8a5ef9db1/piju.jpg)
পিযুষ হাজৰীকা
ডিজিটেল সংবাদ, নগাঁওঃ টকাৰ বাবেই প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে কংগ্ৰেছে। দল চলোৱাটো কংগ্ৰেছৰ মূল লক্ষ্য নহয়, টকা ঘটাটোহে তেওঁলোকৰ মূল লক্ষ্য এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ।
সমাগত লোকসভা নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, লোকসভা নিৰ্বাচনৰ বাবে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আমি ১১ খন আসনতো জিকিমেই, ১২খনতো জিকিব পাৰো। আমি নগাঁৱত তীব্ৰ যুঁজ দিম। নগাঁৱত যিহেতু সংখ্যালঘু ভোটাৰৰ সংখ্যা বেছি, গতিকে আমি তীব্ৰ যুঁজ দিম।
লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আজি এনেদৰে মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। তেওঁ আৰু কয় যে এই সমষ্টিটো কোনোপধ্যে এৰি দিয়া নহ’ব। আমি চাই আছো প্ৰাৰ্থী কোন হয়। ইয়াত বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে টিকট পায় নে প্ৰদ্যুৎ বৰদলৈক ছুৰী মাৰি গৌৰৱ গগৈয়ে টিকট পায় তাৰ কাৰণে আমি চাই আছো। তাৰ পাছত নিশ্চয়কৈ আমি ব্যৱস্থা দলৰ ফালৰ পৰা লম। এই সমষ্টিত তীব্ৰভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে ইয়াক সহজে এৰি দিয়া নহ’ব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।
বিৰোধী একগোট হোৱা সম্পৰ্কত সাংবাদিকে উত্থাপন কৰা প্ৰসংগত মন্ত্ৰীগৰাকীয়ে বিৰোধী একগোট হৈ একো লাভ নাই বুলি কৈ প্ৰাৰ্থী দোখোন তেওঁলোকে দিয়ে দিলে বুলি মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ভূপেন বৰা ডাঙৰীয়াই অসমৰ ১৪ টা লোকসভা সমষ্টিৰ প্ৰাৰ্থী দেখোন দিয়ে দিলে। অজাপেও প্ৰাৰ্থী দিয়া বুলি মন্তব্য কৰি মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ত আম আদমি পাৰ্টিয়ে প্ৰাৰ্থী দিয়াৰ প্ৰসংগও টানি আনে।
তেওঁ পুনৰ কয় যে আপোনালোকে যদি আজি ক’ৰবাত পুৰণি ৰেকৰ্ড চায়, মই কিন্তু আজি ৬ মাহ আগৰ পৰাই কৈছিলো যে এই মিত্ৰতা ইলেকচনলৈকে নাথাকে। তেওঁলোকে প্ৰাৰ্থী দিওঁতে এই মিত্ৰতা শেষ হৈ যাব বুলি মন্ত্ৰী পীযুষ হাজৰীকাই মন্তব্য কৰে।
এই প্ৰসংগত মন্ত্ৰীগৰাকীয়ে এজন ৰাজনৈতিক ব্যক্তিৰ প্ৰসংগ উত্থাপন কৰি কয় য়ে মই তেওঁৰ নাম নকওঁ, তেওঁ কংগ্ৰেছৰ সহযোগী দলৰ এজন নেতা মানে ইণ্ডিয়াৰ এগৰাকী নেতা। নেতাজনে কৈছে যে কংগ্ৰেছ দলে কিয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । তেওঁ হেনো কংগ্ৰেছ দলক সুধিছিল যে আপোনালোকে কিয় আমাৰ সৈতে আলোচনা নকৰাকৈ টিকট দিলে তেতিয়া কংগ্ৰেছ দলৰ ফালৰ পৰা হেনো তেওঁক কোৱা হ’ল যে প্ৰাৰ্থী ঘোষণা কৰিলে তেওঁলোকে অলপ পইচা বেছিকৈ ল’ব পাৰে।
গতিকে তেওঁলোকৰ গোটেই ছিষ্টেমটো হ’ল পইচা লোৱা। সেয়া আইনীভাৱে হওক বা বেআইনীভাৱেই হওক। আইনী মানে ফৰ্ম ফিলআপৰ নামত আৰু বেআইনী মানে আপোনালোকেতো জানেই বুলি মন্ত্ৰীগৰাকীয়ে কয়।
তেওঁ আৰু কয় যে তেওঁলোকৰ ১২ টা দলৰ এজন নেতাই কৈছে, এয়া মই কোৱা নাই। গতিকে দল চলোৱাটো কংগ্ৰেছৰ মূল লক্ষ্য নহয়, অসমত চৰকাৰ চলোৱাটো মূল লক্ষ্য নহয়, অসমৰ ৰাইজক সেৱা কৰা বা সহায় কৰাটো লক্ষ্য নহয়, কেনেকৈ পইচা কেইটামান ঘটিব পাৰি সেইটোৱে তেওঁলোকৰ লক্ষ্য। লাগিলে দলৰ কৰ্মীৰ পৰাই হওক বা অন্য দলৰ পৰাই হওক, মুঠতে পইচা ল’ব লাগে। এইটোৱে কংগ্ৰেছ দলত বৰ্তমান চলি আছে বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।
Also Read: মিজোৰাম বিধানসভা নিৰ্বাচনঃ ৩৯ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে কংগ্ৰেছৰ
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us