'পাকিস্তান জিন্দাবাদ' ধ্বনি উচ্চাৰিত ভিডিঅ' ফেচবুকত আপলোড কৰি গ্ৰেপ্তাৰ ফটো সাংবাদিক

কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়াপটীয়া গাঁৱৰ নৱজ্যোতি লস্কৰ নামৰ এজন যুৱকে কালি 'পাকিস্তান জিন্দাবাদ' ধ্বনি থকা এটা বিশেষ ভিডিঅ' ফেচবুকত আপলোড কৰি গ্ৰেপ্তাৰ হয়।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
'পাকিস্তান জিন্দাবাদ' ধ্বনি উচ্চাৰিত ভিডিঅ' ফেচবুকত আপলোড কৰি গ্ৰেপ্তাৰ ফটো সাংবাদিক

ডিজিটেল সংবাদ, কামপুৰ: নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়াপটীয়া গাঁৱৰ নৱজ্যোতি লস্কৰ নামৰ এজন যুৱকে সোমবাৰে 'পাকিস্তান জিন্দাবাদ' ধ্বনি থকা এটা বিশেষ ভিডিঅ' ফেচবুকত আপলোড কৰি গ্ৰেপ্তাৰ হয়। সেই বিশেষ ভিডিঅ'টো আছিল যোৱা ১৮ মে' তাৰিখৰ। 

Advertisment

১৮ মে'ৰ দিনা কামপুৰৰ প্ৰাক্তন সৈনিকসকলৰ উদ্যোগত নগৰখনৰ মাজেৰে 'ত্ৰিৰংগা যাত্ৰা'ৰ বিশাল ৰেলী উলিওৱা হৈছিল, য'ত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ লগতে সহস্ৰাধিক লোকে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছিল।এটা ব্যক্তিগত টিভি চেনেলত ফটো সাংবাদিক হিচাপে কৰ্মৰত নৱজ্যোতি লস্কৰে সেই ৰেলীটোৰ কেইছেকেণ্ড মানৰ এটা ভিডিঅ' সোমবাৰে তেওঁৰ নিজা ফেচবুক একাউন্টত আপলোড কৰিছিল। 

তেওঁ আপলোড কৰা ৰেলীৰ ভিডিঅ'টোত 'পাকিস্তান জিন্দাবাদ' ধ্বনি আছিল বুলি পোহৰলৈ আহে। যাৰ বাবে ভিডিঅ' আপলোড কৰাৰ কিছু সময়ৰ পাছতে একাংশ  লোকে বিয়লি নৱজ্যোতি লস্কৰক কামপুৰৰ ৰাজপথেৰে লৈ গৈ আৰক্ষী থানাত গতাই দিয়ে। 

উল্লেখ্য যে নৱজ্যোতি লস্কৰক ৰাজপথেৰে লৈ যোৱা অৱস্থাত একাংশ লোকে মাৰধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। তেওঁক থানালৈ লৈ যোৱাৰ পাছতে আকস্মিকভাৱে থানা চৌহদত পাঁচ শতাধিক লোক উপস্থিত হয়। 
তেনে সময়তে বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী কামপুৰ থানাত উপস্থিত হৈ লস্কৰৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত কামপুৰ আৰক্ষীয়ে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত এক গোচৰ ৰুজু কৰি নিশাই নৱজ্যোতিক নগাঁও সদৰ থানালৈ প্ৰেৰণ কৰে। 

উক্ত ঘটনাটোৰ পিছত আজি কামপুৰৰ বৈদ্যুতিন আৰু ছপা মাধ্যমৰ সকলো সাংবাদিক কামপুৰ উন্নতি সাধিনী সভাগৃহত সমবেত হয়। সমবেত সাংবাদিকসকলে নৱজ্যোতি লস্কৰক প্ৰহাৰ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনাই আইন হাতত তুলি লোৱাসকলক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী-প্ৰশাসনক অনুৰোধ জনাইছে। 

ফেচবুকত দিয়া সেই বিশেষ ভিডিঅ'টোৰ ফৰেনচিক টেষ্ট কৰি 'পাকিস্তান জিন্দাবাদ' ধ্বনি দিয়াৰ আঁৰত জড়িত ব্যক্তিক চিনাক্ত কৰাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিবলৈ কামপুৰৰ সাংবাদিকসকলে চৰকাৰ-প্ৰশাসনক দাবী জনাইছে। তদুপৰি সাংবাদিকসকলে আজি ক'লা বেজ পৰিধান কৰি সাংবাদিকক আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদ জনায়।

ইফালে কামপুৰৰ সাংবাদিকসকলে নৱজ্যোতি লস্কৰে ন্যায় নোপোৱালৈকে ৰাজনৈতিক দলৰ কোনোধৰণৰ বাতৰি প্ৰচাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সাংবাদিকৰ নিৰাপত্তা আৰু সুৰক্ষা সন্দৰ্ভত আজি গভীৰভাৱে আলোচনাও হয়।  

নৱজ্যোতি লস্কৰ ক্ষেত্ৰত সংঘটিত হোৱা ঘটনাটোৰ উচিত তদন্ত কৰিবলৈ নগাঁও জিলা 'আপকু'ৰ সভাপতি অপূৰ্ব হাজৰিকা আৰু সম্পাদক সমৰেন্দ্ৰ নাৰায়ণ বৰাই দাবী জনাইছে।

কামপুৰ