
ডিজিটেল সংবাদ নগাঁও: মাত্ৰ পোন্ধৰ মিনিটত দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিৰ মগজুৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন হোৱা আপুনি বিচাৰে নেকি? যদি বিচাৰে তেন্তে আপুনি আহিব লাগিব নগাঁৱৰ বৰঘাটস্থিত SIMS নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনলৈ। কিন্তু মনত ৰাখিব অস্ত্ৰোপচাৰৰ সফলতাৰ কোনো গ্যাৰাণ্টি নাই এইখন চিকিৎসালয়ত।
ভুক্তভোগীৰ অভিযোগৰ পিছত এই কথাই এতিয়া চৰ্চা লাভ কৰিছে চিকিৎসালয়খনৰ ভিতৰে-বাহিৰে । উত্থাপিত অভিযোগ অনুসৰি নগাঁও চহৰৰ মোল্লাপট্টিৰ মহম্মদ হুছেইন নামৰ এগৰাকী পথ দুৰ্ঘটনাত পতিত ব্যক্তিক যোৱা ২৭ ছেপ্টেম্বৰত ভৰ্ত্তি কৰোৱা হৈছিল চিকিৎসালয়খনত ।
দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিগৰাকীৰ আত্মীয়ৰ ভাষ্য অনুসৰি মূৰত আঘাতপ্ৰাপ্ত লোকজনৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল মাত্ৰ পোন্ধৰ মিনিটত। তাৰপিছত চিকিৎসকে লোকজন বিপদমুক্ত বুলিও জনাইছিল অভিভাৱকক।
কিন্তু চিকিৎসাধীন অৱস্থাতে শুকুৰবাৰে পুৱা লোকজনৰ মৃত্যু হোৱা বুলি হাস্পতাল কৰ্তৃপক্ষই অৱগত কৰে অভিভাৱকক। কেবল ইমানেই নহয় লোকজনৰ মৃতদেহ চমজি ল'বলৈও হেচাঁ প্ৰয়োগ কৰে পৰিয়ালক।
এই কথাত সন্দেহ ঘনীভূত হোৱাত হাস্পতালখনৰ মৰ্গলৈ গৈ আত্মীয়ই উদ্ঘাটন কৰে যে, লোকজনৰ মৃতদেহৰ পৰা ওলাইছিল দুৰ্গন্ধ । পুৱাৰ ভাগত মৃত্যু হোৱা লোক এজনৰ কেইটামান ঘণ্টাৰ পিছতেই কেনেকৈ ওলাব পাৰে দুৰ্গন্ধ ?
সেয়ে এতিয়া ইয়াৰ আঁতিগুৰি বিচাৰি হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ তৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মহম্মদ হুছেইনৰ আত্মীয়ই । লোকজনৰ পৰিয়ালে এয়া ভুল চিকিৎসাৰ পৰিণতি বুলি দাবী কৰাৰ উপৰিও একাংশই মৃত ব্যক্তিকে জীৱিত সজাই ধনৰ লালসাত আই চি ইউত ভৰাই থোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।