পল্লৱী কলিতালৈ 'ধনটি হীৰা সোঁৱৰণী নবীন গ্ৰাম্য সাংবাদিকতা বঁটা-২০২৩'...

পল্লৱী কলিতালৈ 'ধনটি হীৰা সোঁৱৰণী নবীন গ্ৰাম্য সাংবাদিকতা বঁটা-২০২৩'...

author-image
Asomiya Pratidin
New Update
পল্লৱী কলিতালৈ 'ধনটি হীৰা সোঁৱৰণী নবীন গ্ৰাম্য সাংবাদিকতা বঁটা-২০২৩'...

পল্লৱী কলিতালৈ 'ধনটি হীৰা সোঁৱৰণী নবীন গ্ৰাম্য সাংবাদিকতা বঁটা-২০২৩'...

ডিজিটেল সংবাদ নগাঁও: "পুতলা পিষ্টলৰ সলনি এখন গ্ৰন্থ উপহাৰ দিয়ক" শীৰ্ষক বাণীৰে ১৯৯৬ চনৰ পৰা অনুষ্ঠিত হৈ অহা শাৰদীয় পুৰণিগুদাম শিশু গ্ৰন্থমেলাখনি বিগত বছৰৰ দৰে এইবছৰো অহা ২১ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰাৰ প্ৰস্তুতি চলিছে ৷ পুৰণিগুদাম প্ৰেছ ক্লাৱৰ উদ্যোগত প্ৰয়াত সাংবাদিক জয়ন্ত ভূঞা ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া শিশু গ্ৰন্থমেলাৰ প্ৰতিদিনেই শিশুসকলৰ মাজত চিত্ৰাংকনকে ধৰি বিভিন্ন প্ৰতিযোগিতা, কুইজ, সাহিত্যৰ অনুষ্ঠান,কবিমেল,আলোচনা- চক্ৰ, লেখক-পাঠকৰ আড্ডা, নাটক, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ'ব৷

Advertisment

শিশু গ্ৰন্থমেলাতে ২২ অক্টোবৰৰ সন্ধ্যা প্ৰয়াত সাংবাদিক ধনটি হীৰা সোঁৱৰণী নবীন গ্ৰাম্য সাংবাদিকতা বঁটা-২০২৩ প্ৰদান কৰা হ'ব। প্ৰথমবাৰৰ বাবে ঘোষণা কৰা এই বঁটা লামডিঙৰ প্ৰতিদিন টাইম আৰু অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক পল্লবী কলিতালৈ আগবঢ়োৱা হৈছে।

আজি এই বঁটাৰ বাবে পল্লবী কলিতাক নিৰ্বাচন কৰে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ তিনিজনীয়া বঁটা নিৰ্বাচন সমিতিয়ে ৷ এগৰাকী যুৱতী হৈয়ো লামডিঙৰ দৰে এটা অঞ্চলৰ পৰা সাহসেৰে সাংবাদিককতা কৰি অহা পল্লৱী কলিতাক এই বঁটাৰ বাবে নিৰ্বাচিত কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সভাপতি তপন কটকীয়ে ৷

Also Read: ৰজাঘৰে পাহৰিলেও ৰাইজে উদযাপন কৰিলে তেজ ৰঙা ইতিহাসে গৰকা 'ফুলগুৰি ধেৱা'

লামডিং