/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/45980b60-e979-441c-90f9-c92100bdc18f/guimari 2.jpg)
বানৰ পিছত ভয়াবহ খহনীয়াৰ কৱলত কামপুৰৰ পশ্চিম গুইমাৰী...
ডিজিটেল সংবাদ কামপুৰঃ তিনিটাকৈ বানত কামপুৰবাসীক তচনচ কৰাৰ পিছত এইবাৰ কামপুৰবাসীৰ সন্মুখত দেখা দিছে ব্যাপক খহনীয়াৰ সমস্যা। কামপুৰৰ বিভিন্ন অঞ্চলত কপিলী, নিশাৰী আৰু বৰপানী নৈৰ খহনীয়াই ব্যাপক ৰূপ ধাৰন কৰিছে।
আজি পুৱাৰে পৰা খহনীয়াই তীব্ৰ ৰূপ ধাৰন কৰিছে কামপুৰৰ পশ্চিম গুইমাৰীত।উল্লেখ্য যে, পশ্চিম গুইমাৰীত পূৰ্বে জলসম্পদ বিভাগে নিৰ্মাণ কৰা শৈল্য বান্ধৰ মাথাউৰীৰ কাষৰে আজিৰ পৰা ভয়াবহ ধৰনে খহিব ধৰাত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ।
পূৰ্বে বান্ধ নিৰ্মাণ কৰাৰ সময়ত ৰাইজে বৰ্তমান খহনীয়া হোৱা ঠাই খিনিতো শৈল্য বান্ধ নিৰ্মাণৰ বাবে দাবী জনাইছিল যদিও বিভাগে ৰাইজৰ কথাত গুৰুত্ব নিদিয়াৰ বাবে পুনৰ মথাউৰীটো খহিবলৈ আৰম্ভ কৰা বুলি জানিব দিছে স্থানীয়লোকে।
এই বন্ধটো সম্পূৰ্ণৰূপে খহি গ'লে পশ্চিম গুইমাৰী গাওঁখনৰ লগতে কেইবাটাও গ্ৰাম্যঅঞ্চললৈ শংকত নামি আহিব। ৰাইজে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা ল'বৰ বাবে দাবী জনাইছে।
Also Read: পুনৰ বহিঃৰাজ্যত নিখোঁজ অসমৰ যুৱকঃ পৰিয়ালৰ মাজত হাঁহাকাৰ...
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us