/asomiyapratidin/media/media_files/2025/02/19/9o95JQ8tbMSfFl2lu9H4.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাজ্যত মূল্যবৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰাৰ সময়তে পুনৰ বৃদ্ধি পাইছে পিঁয়াজৰ মূল্য। নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বিভিন্ন বজাৰ সমূহত বিগত দুটা দিনৰ পৰা পিয়াজৰ মূল্য ৪০ টকাৰ পৰা ৫০ টকা হোৱাৰ ফলত বজাৰত গ্ৰাহক সকলে হাহাকাৰত ভোগা পৰিলক্ষিত হৈছে।
উল্লেখযোগ্য যে নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ শান্তিজান বজাৰ, কহিগুৰি বজাৰ, বৰি বজাৰ, কদমনি বজাৰ, ডুমডুমীয়া বালিসত্ৰ বজাৰ, ধূপগুৰি বজাৰ, আলিটাঙনি বজাৰ, ধিং বজাৰ, জাজৰি বজাৰ কেইবাখনো অঞ্চলটোৰ গুৰুত্বপূৰ্ণ বজাৰ। এই বজাৰ কেইখন বজাৰত শাক-পাচলিকে ধৰি পিয়াজ, জলকীয়া আদি কেচা সামগ্ৰী প্ৰতিদিনে জিলাখনৰ প্ৰতিটো প্ৰান্তৰ ব্যৱসায়ী সকলে আহি ক্ৰয় কৰি খুচৰা বজাৰত বিক্ৰী কৰাৰ লগতে আন একাংশ ব্যৱসায়ীয়ে সামগ্ৰীবোৰ ক্ৰয় কৰি যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আদি বিভিন্ন স্থানলৈ নিয়ে।
ইফালে এইকেইদিনত বজাৰ কেইখনত বিশেষকৈ পিয়াজৰ দাম ৪০ পৰা ৫০ টকা হয়। পিয়াজৰ দাম এইদৰে দ্ৰূত গতিত হঠাত ৰহস্যজনক ভাবে বৃদ্ধি পোৱাৰ পাছত ক্ষুদ্ৰ ব্যৱসায়ী সকলেও জাঙুৰ খাই উঠিছে।
উল্লেখ্য যে, ফেব্ৰুৱাৰী মাহৰ এই সময়ছোৱাত স্থানীয় কৃষকে যথেষ্ঠ সংখ্যক পিয়াজ উৎপাদন কৰে, যাৰ ফলত বিগত বৰ্ষত এনে সময়ত পিয়াজৰ মূল্য ১০-২০ টকা মূল্য হয়গৈ। কিন্ত এইবেলি স্থানীয় কৃষকৰ পিয়াজ উৎপাদন হৈ থকাৰ সময়টো এনেদৰে ৪০ টকা মূল্যত পিয়াজ কিনিবলৈ গৈ গ্ৰাহক সকল হতচকিত হৈছে।