বটদ্ৰৱা কাণ্ডৰ এবছৰ: দোষীক শাস্তি প্ৰদানৰ দাবী সত্ৰাধিকাৰৰ...

আজি বটদ্ৰৱা থানা আক্ৰমণ কৰি জ্বলাই দিয়া ঘটনাৰ সম্পূৰ্ণ এবছৰ। সেই অভিশপ্ত কলা দিনটো সোঁৱৰণ কৰি অসম চৰকাৰক বটদ্ৰৱাৰ নিৰাপত্তা নিশ্চিত কৰি, তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰি দোষীক শাস্তি প্ৰদানৰ দাবী তুলিলে- সত্ৰাধিকাৰ তথা স্থানীয় সচেতন ৰাইজে...

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা কাণ্ডৰ এবছৰ: দোষীক শাস্তি প্ৰদানৰ দাবী সত্ৰাধিকাৰৰ...

ডিজিটেল সংবাদ, বটদ্ৰৱা : আজি ২১ মে'। বটদ্ৰৱাবাসীৰ বাবে আজি দিনটো এটা অভিশপ্ত দিন হিচাপে পৰিগণিত হৈছে। কিয়নো, ২০২২ চনৰ ২১ মে'ৰ সেই দিনটোতে চফিকুল ইছলাম নামৰ এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি বটদ্ৰৱা আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। পৰৱৰ্তী সময়ত একাংশ দুষ্কৃতিকাৰীয়ে পে'ট্ৰল ঢালি জ্বলাই দিছিল বটদ্ৰৱা আৰক্ষী থানা। যাৰ পৰিপেক্ষিত সম্পূৰ্ণ ৰূপে জ্বলি ছাই হৈছিল থানাখন। অসহায় হৈ পৰিছিল কৰ্তব্যৰত আৰক্ষীসকল।

Advertisment

উল্লেখ্য যে, দুজন আৰক্ষীকো মাৰধৰ কৰিছিল সেই সময়ত। ইয়াৰ পিছতে থানা জ্বলোৱাৰ লগত জড়িত বহুতৰে বাসস্থান বুল্ড'জাৰ লগাই ভাঙি পেলাইছিল প্ৰশাসনে। তদুপৰি কেইবাজনকো কৰায়ত্ত কৰি জে'লহাজোতলৈ প্ৰেৰণ কৰা হৈছিল। পিছে বৰ্তমানেও বহুকেইজন মূল অপৰাধী মুকলি আকাশৰ তলত। কৰায়ত্ত কৰিব নোৱাৰিলে ইয়াচমিনা বেগমকে ধৰি ছয়জনকৈ মূল অপৰাধী।

এতিয়া বটদ্ৰৱাবাসীৰ প্ৰশ্ন কিয় এতিয়াও মূল অভিযুক্ত কেইজনক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে ? বটদ্ৰৱাৰ এই কলা দিনটোক সোঁৱৰণ কৰি আজি বটদ্ৰৱাৰ সচেতন ৰাইজ, সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তিয়ে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ নিৰাপত্তা নিশ্চিত কৰি, তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰি দোষীক শাস্তি প্ৰদানৰ দাবী তুলে ।

Also Read: মহানগৰীত ১৪৪ ধাৰা জাৰি: গুৱাহাটী আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ এই নিৰ্দেশনা...

Assam police