পুৰণিগুদামত সুদখোৰৰ আতংক: ৩ হাজাৰ টকাৰ বাবে এজনক মাৰ-পিট

পুৰণিগুদামত সুদখোৰৰ আতংক: ৩ হাজাৰ টকাৰ বাবে এজনক মাৰ-পিট

author-image
Asomiya Pratidin
New Update
পুৰণিগুদামত সুদখোৰৰ আতংক: ৩ হাজাৰ টকাৰ বাবে এজনক মাৰ-পিট

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁৱৰ পুৰণিগুদামত সুদখোৰৰ আতংক। পুৰণিগুদামৰ ৰামটিলা আটিত সুদখোৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় এজন লোক।মাত্ৰ ৩ হাজাৰ টকাৰ বাবে হজৰৎ আলী নামৰ এজন লোকক আক্ৰমণ কৰে সুদখোৰ মতিন আলীয়ে।সুদলৈ দিয়া ৩ হাজাৰ টকা নিবলৈ আহি ৰাস্তাত ধৰি হজৰতক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে মতিনৰ বিৰুদ্ধে।

Advertisment

ঘটনা সন্দৰ্ভত ভুক্তভোগী হজৰৎ আলীয়ে পুৰণিগুদাম আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে।ভুক্তভোগী হজৰৎ আলীৰ পৰিয়ালক আৰক্ষীৰ কাষ নাচাপিবলৈও ভাবুকি প্ৰদান কৰাৰ অভিযোগ উঠিছে মতিন আলীৰ বিৰুদ্ধে।আৰক্ষীয়ে আহত হজৰতৰ স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে।

Also Read: চিত্ৰকলাৰ বাবে ৰাষ্ট্ৰীয় জলপানি লাভ নগাঁৱৰ দুই কন্যাৰ...

Puroni gudam illegal money lender