চলচলিত পথ দুৰ্ঘটনাঃ এজন নিহত, আহত দুজন...

নগাঁৱৰ পুৰণিগুদাম চলচলিৰ নৈ দলঙৰ সমীপত বৃহস্পতিবাৰে এক শোকাবহ পথ দুৰ্ঘটনাত এজন লোক নিহত আৰু দুজন আহত হয়।

author-image
Asomiya Pratidin
New Update
চলচলিত পথ দুৰ্ঘটনাঃ এজন নিহত, আহত দুজন...

ডিজিটেল সংবাদ, বঢ়মপুৰঃ নগাঁৱৰ পুৰণিগুদাম চলচলিৰ নৈ দলঙৰ সমীপত বৃহস্পতিবাৰে এক শোকাবহ পথ দুৰ্ঘটনাত এজন লোক নিহত আৰু দুজন আহত হয়। দ্ৰুতবেগী স্প্লেণ্ডাৰ আৰু আৰ.এক্স.১০০ নামৰ দুখন মটৰ চাইকেলৰ মাজত সংঘটিত হয় এই সংঘৰ্ষ।দুৰ্ঘটনাত থিতাতে নিহত হয় চাপানালা অভিমুখী আৰ.এক্স.১০০ খনৰ আৰোহী নৃপেন গায়ন।

Advertisment

পেছাত ক্ষুদ্ৰ ব্যৱসায়ী নৃপেন গায়নৰ ঘৰ পুৰণিগুদামৰ মুঢ়ানীত। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় স্প্লেণ্ডাৰখনৰ দুয়োগৰাকী আৰোহী। দুৰ্ঘটনাৰ পিছতে ৰাইজৰ তৎপৰতাত দুয়োকে নগাঁৱৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। স্প্লেণ্ডাৰখনৰ দুয়োজন আৰোহী তীব্ৰ বেগেৰে চাপানালাৰ পৰা পুৰণিগুদামৰ দিশে আহি থকা অৱস্থাত নৈ দলংখনৰ সমীপৰ এটা কেকুৰিত পতিত হয় ভয়াৱহ দুৰ্ঘটনাটোত।

Also Read: মহানগৰীৰ দুৰ্ঘটনাঃ জিলা উপাযুক্তক তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ...

road accident