ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ দক্ষিণপাট গাঁও নিৱাসী ৰীণা দাসৰ যোৱা ২৬ ডিচেম্বৰত গুৱাহাটীৰ এখন চিকিৎসালয়ত বিয়োগ ঘটে। সৰবৰহী, মহিলা ৰীণা দাসে বিগত ছমাহ ধৰি অসুস্থ হৈ গুৱাহাটী, চেন্নাই আদি বিভিন্ন ঠাইত চিকিৎসা গ্ৰহণ কৰি আছিল।
বিগত সপ্তাহত গুৰুতৰভাবে অসুস্থ হোৱাত পুনৰ গুৱাহাটীলৈ চিকিৎসাৰ বাবে নিয়াৰ পাছত যোৱা ২৬ ডিচেম্বৰত মৃত্যু হয়। জ্ঞান পিপাসু মহিলা গৰাকীয়ে জীৱনকালত বহুত গ্ৰন্থ অধ্যয়ণৰ লগতে নিয়মীয়াকৈ অসমীয়া প্ৰতিদিন বাতৰিকাকত, আলোচনী অধ্যয়ন কৰি, বিভিন্ন বিষয়ৰ চৰ্চা কৰি সময় কটাইছিল।
সৰল মনৰ, সৰবৰহী, মৰমীয়াল ৰীণা দাসৰ বিয়োগত অঞ্চলৰ বিভিন্নজনে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত ৰীণা দাসে স্বামী অৱসৰপ্ৰাপ্ত শিক্ষক যতীন্দ্ৰ মোহন দাস, দুগৰাকী জীয়ৰী, জোৱাই সহ বহু আত্মীয় স্বজন, গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।