
ডিজিটেল সংবাদ, নগাঁও: নগাঁও আৰক্ষীয়ে জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে এজনক৷ ধৃত লোকজনৰ নাম হৈছে ধৰ্মেন্দ্ৰ প্ৰসাদ শ্বাহ৷
হোজাই জিলাৰ লংকাৰ এই লোকজনে নগাঁৱৰ জাগৃতি হোণ্ডাৰ স্বত্বাধিকাৰী দেৱজিৎ শইকীয়াৰ চহী জাল কৰি উলিয়াইছিল পৰিবহন বিভাগৰ বিভিন্ন নথি-পত্ৰ৷ নগাঁৱৰ জাগৃতি হোণ্ডাৰ অনুমোদিত চাৰ্ভিচ চেণ্টাৰক লৈ চলাই আহিছিল এই জালিয়াতি৷
অনামিকা এণ্টাৰপ্ৰাইজ নামৰ এটা অনুমোদিত চাৰ্ভিচ চেণ্টাৰৰ নামত শেহতীয়াকৈ জালিয়াতি সংঘটিত কৰিছিল শ্বাহে৷ দেৱজিৎ শইকীয়াৰ অভিযোগৰ ভিত্তিত নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে হোজাইস্থিত বাসভৱনৰ পৰা কৰায়ত্ত কৰে ধৰ্মেন্দ্ৰ প্ৰসাদ শ্বাহক ৷