/asomiyapratidin/media/media_files/2025/02/03/wA7gEZYmvooK09VWfoX8.jpg)
ডিজিটেল সংবাদ, নগাঁও: ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ত আজি এক ব্যতিক্ৰমী কাৰ্যসূচীৰে সৰস্বতী পূজা উদযাপিত হয়। সৰস্বতী পূজা উপলক্ষে নগাঁও মহাবিদ্যালয়(স্বতন্ত্ৰ)ৰ সাহিত্য আৰু আলোচনী বিভাগৰ উদ্যোগত প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতা অনুষ্ঠিত হয়।
মহাবিদ্যালয়খনৰ ইংৰাজী, অসমীয়া, গণিত, দৰ্শন, জীৱবিজ্ঞান, উদ্ভিদ বিজ্ঞান, অৰ্থনীতি বিজ্ঞান, পৰিসংখ্যা বিজ্ঞান, পদাৰ্থ বিজ্ঞান, ৰষায়ন বিজ্ঞান, ইতিহাস, ভূগোল, বাণিজ্য বিভাগ, ৰাজনীতি বিজ্ঞান, সংস্কৃত, বাংলা বিভাগ, শিক্ষা বিভাগকে ধৰি বিভিন্ন বিষয়ৰ বিভাগৰ ২১ খন প্ৰাচীৰ পত্ৰিকাৰ মাজত এই প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতা আনুষ্ঠানিক ভাবে উদ্বোধন কৰে মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ পুলিন চন্দ্ৰ বৰাই।
অনুষ্ঠানত অধ্যাপক ড০ ভূৱন চন্দ্ৰ চুতীয়া, প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতাৰ বিচাৰকদ্বয় ক্ৰমে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক ড০ বিশ্বজিৎ দাস আৰু সাংবাদিক চন্দনজ্যোতি বৰা, মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ বনশ্ৰী দাস, ড০ লক্ষ্যজ্যোতি বৰঠাকুৰ উপস্থিত থাকে। উদ্বোধকৰ ভাষণত অধ্যক্ষ ড০ বৰাই ঐতিহ্যমণ্ডিতত মহাবিদ্যালয়খনত প্ৰতিবছৰে সৰস্বতী পূজাত এনেধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্রীসকলক বৌদ্ধিক উত্তৰণৰ বাবে অনুপ্ৰাণিত কৰা হয় বুলি মন্তব্য কৰে।
প্ৰাচীৰ পত্ৰিকাসমূহত 'মেক ইন ইণ্ডিয়া',হোমেন বৰগোহাঞিঃ ব্যক্তি আৰু ব্যক্তিত্ব,শৈশৱৰ দলিচাত সাধুকথাৰ বুলনি,ইন্টেলিজেন্স টাৰ্ণিং আৰ্টিফিচিয়েল,কুম্ভস্নান আৰু অন্যান্য স্নানমেলা,চিত্ৰলেখা,টেণ্ডাৰিং দ্যা গ্লৱ থিয়েটাৰ,সোণালী অসম ভাৰতৰ বাবে সমৃদ্ধি,চৰাইদেউ মৈদাম,ধ্ৰুপদী অসমীয়া,ইণ্ডিয়ান নলেজ চিষ্টেম,ইতিহাসে ৰিঙিয়াই আমাৰ ঐতিহ্য শিৱসাগৰ,একতাৰ এনাজৰীৰে বৈচিত্ৰ্যময় অসমকে ধৰি সাহিত্য,সংস্কৃতি আৰু সমাজ জীৱনৰ বিভিন্ন বিষয়সমূহ প্ৰতিফলিত হয়।
প্ৰতিযোগিতাখনত তিনিটা বিভাগত ৬ খন প্ৰাচীৰ পত্ৰিকাই যুটীয়াভাবে স্থান লাভ কৰাৰ লগতে দুটা বিভাগৰ প্ৰাচীৰ পত্ৰিকাই অধ্যক্ষৰ বিশেষ বঁটা আৰু উদ্গনি বঁটা লাভ কৰে। সেই অনুযায়ী প্ৰথম স্থান লাভ কৰে ইংৰাজী আৰু পদাৰ্থ বিজ্ঞান বিভাগে।
দ্বিতীয় পুৰস্কাৰ লাভ কৰে প্ৰাণী বিজ্ঞান বিভাগ আৰু ৰষায়ন বিজ্ঞান বিভাগে। তৃতীয় পুৰস্কাৰ লাভ কৰে বাণিজ্য বিভাগ আৰু ইতিহাস বিভাগে। অধ্যক্ষৰ বিশেষ বঁটা লাভ কৰে অৰ্থনীতি বিভাগে আৰু উদ্গনি মূলক বঁটা লাভ কৰে ভূগোল বিভাগে।