/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-14/9qv2osrn/8ae68d78-f64d-4491-bb02-ebd2ac976c97.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও-মৰিগাঁও জিলাৰ সীমামূৰীয়া অঞ্চলৰ সাংবাদকৰ্মীসকলৰ উমৈহতীয়া মঞ্চ কটহগুৰি প্ৰেছ ক্লাৱৰ সোমবাৰে কাৰ্যালয় মুকলি কৰা হয়। গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে ফিটা কাটি "কটহগুৰি প্ৰেছ ক্লাৱ"ৰ কাৰ্যালয়টি মুকলি কৰে ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৌৰভ কুমাৰ দাসে।
ইয়াৰ পাছত অনুষ্ঠিত মুকলি সভাত ভাষণ প্ৰদান কৰি সৌৰভ কুমাৰ দাসে কয়- গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলৰ বৰ্তমান সময়ত সমাজৰ প্ৰতি দায়বদ্ধতা বাঢ়িছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-14/g0yzn17u/a4b3a54d-c4e3-470b-b737-49d68afc6494.jpg)
জ্যেষ্ঠ সাংবাদিক মোস্তাফা চেলিম আহমেদে আঁত ধৰা অনুষ্ঠানটিত নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি হাইদৰ আলী, পশু চিকিৎসক ডা০ আনোৱাৰ হাজৰিকা, আৰক্ষী বিষয়া প্ৰনৱ শইকীয়া, জ্যেষ্ঠ সাংবাদিক দিব্যজ্যোতি বৰুৱা, ৰেখা শৰ্মা, আবুল কাচেমকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত কটহগুৰি প্ৰেছ ক্লাৱৰ সভাপতি ৰিবুল হক, সম্পাদক ফাৰুক আব্দুল্লা, মতিওৰ ৰহমান, আতাবুৰ ৰহমান, হিবজুৰ ৰহমান, ববিতা শইকীয়া, জ্যেষ্ঠ সাংবাদিক সাংবাদিক ছাইফুল ইছলামকে আদি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।
Also Read: শিমলুগুৰি শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ লাইখুঁটা স্থাপন