
ডিজিটেল সংবাদ, বেবেজীয়া: ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সাৱলীকৰণ মন্ত্ৰণালয়ৰ অধীনস্থ বিশেষ ভাৱে সক্ষম বা দিবাঙ্গ লোকৰ সাৱলীকৰণৰ বাবে প্ৰদক্ষেপ। চেন্নাইস্থিত "বহু বিকলাংগ লোকৰ সাৱলীকৰণ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান" আৰু "বৰলীয়া উৱেলফেয়াৰ চচাইটি"ৰ দ্বাৰা নগাঁও জিলা পুথিভঁৰালত এখনি সভা অনুস্থিত কৰা হয়। সভাখনিত বিকলাংগ লোকৰ সহায়ৰ বাবে সাধাৰণ ৰাইজক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰে।
পুৱা ১০ বজাৰ পৰা দিনযোৰা কাৰ্যসূচীৰে অংগনবাড়ি, আশাকৰ্মী আৰু বিভিন্ন আত্মসহায়ক গোটৰ সদস্যা সকলৰ মাজত এই বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন হয় ৷ জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত ডেৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা প্ৰশিক্ষণটিৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে সমাজ কল্যাণ বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক দিপালী দেৱীয়ে ৷ সমল ব্যক্তি হিচাপে অনুষ্ঠানত উপস্থিত থাকে নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত দেৱযানী চৌধুৰী, স্বাস্থ্য বিষয়া তথা মনোবিজ্ঞানী ডাঃ সংগীতা দাস, মিনাক্ষী মহন্ত, জিলা সমাজ কল্যাণ বিষয়া ৰূৱী কলিতা আদি।
অনুষ্ঠানত ৰাষ্ট্ৰীয় দিবাংগ অধীকাৰ আচঁনি ২০১৬ৰ বিভিন্ন দিশ আৰু দিবাংগসকলৰ সৰ্ব্বোৎ প্ৰকাৰৰ উন্নয়নৰ বাবে প্ৰশিক্ষাৰ্থী সকলৰ দায়িত্ব-কৰ্তব্যৰ লগতে দিবাংগ সকলৰ বিভিন্ন সমস্যা নিৰূপণ আৰু সমাধানৰ সম্পৰ্কে আলোকপাত কৰে ৷ সভাত বিশিষ্ট অতিথি নেহৰু যুৱ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক তাপস কুমাৰ প্ৰামাণিক আৰু নেহৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ গাণনিক আৰু কাৰ্যসূচী সহায়ক ধনঞ্জয় তালুকদাৰে আচঁনিখনৰ সফল ৰূপায়ণৰ বাবে সামাজিক দায়বদ্ধতা আৰু সচেতনতাৰ ওপৰত ভাষণ প্ৰদান কৰে ৷ সভাত "বহু বিকলাংগ লোকৰ সাৱলীকৰণ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, চেন্নাই"ৰ বিষয়া হৰি মাঠাই, উদ্যোক্তা অনুষ্ঠান বৰলীয়া উৱেলফেয়াৰ চচাইটিৰ সম্পাদক অৰূপজ্যোতি ডেকাও উপস্থিত থাকে।