গাড়ীৰ পৰা নিশা কোনে দলিয়াই থৈ গ’ল কিশোৰীক !

গাড়ীৰ পৰা নিশা কোনে দলিয়াই থৈ গ’ল কিশোৰীক !

ডিজিটেল সংবাদ, নগাঁও : নগাঁৱত নিশা চাঞ্চল্যকৰ ঘটনা ৷ দুই যুৱকে এগৰাকী কিশোৰীক গাড়ীৰ পৰা দলিয়াই পেলাই থৈ গ'ল মুকলি পথাৰত ৷ নগাঁৱৰ ৰাঙলুত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ৷

জানিব পৰা মতে পৰিচিত দুজন যুৱকে ৰাঙলু অঞ্চলৰ কিশোৰী গৰাকীক এখন ইণ্ডিকা গাড়ীত উঠাই লৈ গৈছিল ফুৰাবলৈ ৷ কঠিয়াতলিত কিশোৰী গৰাকীৰে হোটেলত গ্ৰহণ কৰিছিল আহাৰ ৷ সন্দেহ কৰা মতে কিশোৰী গৰাকীক সেৱন কৰিবলৈ দিছিল নিচাজাতীয় দ্ৰব্য ৷ পিছত নিশা ৰাঙলুৰ পথৰ কাষৰ পথাৰত অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় কিশোৰীগৰাকীক ৷

ৰাঙলু আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰি ভৰ্ত্তি কৰে নগাঁও অসামৰিক চিকিৎসালয়ত ৷ নগাঁও অসামৰিক চিকিৎসালয়ৰ নিচা আসক্তি দূৰীকৰণ কেন্দ্ৰত চিকিৎসাধীন হৈ আছে নৱম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকী ৷

কিশোৰী গৰাকীৰ মাতৃৰ মতে অভিযুক্ত যুৱক দুজন হৈছে কচুৱাৰ গুলজাৰ হুছেইন আৰু ৰাঙলুৰ উৰিয়াগ্ৰাণ্টৰ কুদ্দুচ আলি ৷ ইয়াৰে এজন যুৱক হৈছে জোৱাই ৷

আৰক্ষীয়ে দুই যুবকৰ সন্ধানত অভিযান চলাই আছে যদিও বৰ্তমানলৈকে পলাতক দুই অভিযুক্ত ৷

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in