নগাঁওবাসীৰ ২৮ বছৰীয়া সপোনে পূৰ্ণতা পালে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ বাবে...

নগাঁওবাসীৰ ২৮ বছৰীয়া সপোনে পূৰ্ণতা পালে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ বাবে...

ডিজিটেল সংবাদ,নগাঁও : দীৰ্ঘবছৰীয়া এক সপোন বাস্তব হ’ল নগাঁওবাসীৰ ৷ মুখ্যমন্ত্ৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিকতাৰ বাবে নগাঁও বাসীৰ ২৮ বছৰীয়া এক সপোন পূৰ্ণ হ’ল ৷ মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাৰ বাবেই নগাঁও জিলাৰ লোকেই নহয় মধ্য অসমৰ সৰ্বসাধাৰনে এতিয়াৰ পৰা লাভ কৰিব উন্নত আৰু অত্যাধুনীক চিকিৎসা সেৱা ৷

নগাঁৱৰ মহখুলিত এখন উন্নত আৰু অত্যাধুনিক চিকিৎসালয় স্থাপনৰ দাবী নগাঁওবাসীৰ আছিল পুৰণি ৷ পূৰ্বৰ অগপ আৰু কংগ্ৰেছ চৰকাৰৰ দিনত চেষ্টা কৰা হৈছিল ৷ কিন্তু এক প্ৰতিক্ৰিয়াশীল শক্তিৰ ওচৰত তেতিয়াৰ চৰকাৰে সেও মানিছিল ৷ ৰাইজক টোপ দি মিতিৰালি কৰিছিল দুষ্ট চক্ৰৰে তেতিয়াৰ চৰকাৰৰ প্ৰতিনিধিয়ে ৷ ইয়াৰ বিপৰিতে নগাঁৱৰ ৰাইজৰ ২৮ বছৰীয়া সপোনক হৃদয়ঙ্গম কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বাস্তৱ ৰূপ দিলে নগাঁও চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ক ৷

মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আহোপুৰুষাৰ্থ চেষ্টিৰ বাবে নগাঁও চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত এতিয়া আৰম্ভ হৈছে চিকিৎসা সেৱা ৷ প্ৰাৰম্ভিক ভাবে ২১ বিভাগৰ জৰিয়তে আৰম্ভ কৰা হৈছে সৰ্বসাধাৰনক চিকিৎসা ৷ ইতিমধ্যে ২১ বিভাগতে নিয়োগ কৰা হৈছে চিকিৎসক ৷ ভবিষ্যতৰ দিনত চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়খনত আৰু চিকিৎসাৰ বিভাগ বৃদ্ধি কৰাৰ পৰিকল্পনা আছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ ৷

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in