কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত নগাঁও জিলা দিৱস উদযাপন

কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত নগাঁও জিলা দিৱস উদযাপন

ডিজিটেল সংবাদ, কলিয়াবৰ : ১৯০ বছৰীয়া হ'ল নগাঁও জিলা । এই উপলক্ষে কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্দ্যোগত সোমৱাৰে অনুষ্ঠিত হয় নগাঁও জিলা দিৱস ।নগাঁও জিলা দিৱসৰ লগত সংগতি ৰাখি কলিয়াবৰ মহকুমা প্ৰশাসনে কলিয়াবৰৰ সকলো চৰকাৰী কৰ্মচাৰীক লগত লৈ কুঁৱৰীটোলস্থিত গান্ধী খেলপথাৰৰ পৰা বাহিৰ কৰে এক শোভাযাত্ৰা ।

পৰম্পৰাগত সাজ -পাৰ পৰিধান কৰি চৰকাৰী কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে এই শোভাযাত্ৰাত । কুঁৱৰীটোল গান্ধী খেল পথাৰৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰা অন্তপৰে মহকুমাধিপতিৰ কাৰ্য্যালয়ত ।

কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত নগাঁও জিলা দিৱস উদযাপন
বৰহোলাৰ সেউজ কানন সাহিত্য সভাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে সাহিত্য দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in