কাৰাগাৰত স্থান নাই : ৬৬ জনক নগাঁৱৰ পৰা স্থানান্তৰিত

কাৰাগাৰত স্থান নাই : ৬৬ জনক নগাঁৱৰ পৰা স্থানান্তৰিত

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ সৰ্বত্ৰে এতিয়া বাল্য বিবাহক লৈ ব্যস্ততা ৷ জিলাখনৰ সকলো এলেকাতে চৰ্চাৰ বিষয় বাল্য বিবাহ ৷ দিনে নিশাই আৰক্ষী ব্যস্ত বাল্য বিবাহৰে জড়িত অভিযুক্তক গ্ৰেপ্তাৰ কৰাত ৷

সময় যোৱাৰ লগে লগে বাল্য বিবাহৰে জড়িত লোকক গ্ৰেপ্তাৰ কৰাৰ সংখ্যা বৃদ্ধি পাইছে ৷ মঙ্গলবাৰৰ শেষ নিশালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ১৯২ জনকৈ লোকক ৷ গ্ৰেপ্তাৰ কৰা সকলোকে আৰক্ষীয়ে নগাঁৱৰ আদালতত হাজিৰ কৰিছে ৷ বিভাগীয়ভাৱে আৰক্ষীয়ে ১৯২ জনক আদালতত হাজিৰ কৰিছে যদিও আৰক্ষীয়ে ২৫০ জনৰো অধিক লোকক আটক কৰিছে ৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকক আদালতত হাজিৰ কৰাৰ পিছত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা অভিয়ুক্তক এতিয়া কাৰাগাৰত ৰাখিবলৈ স্থানৰ অভাব হৈছে ৷ এক সূত্ৰৰ পৰা জানিব পৰা মতে নগাঁৱৰ পৰা প্ৰায় ৬৬ জনক নগাঁৱৰ পৰা স্থানান্তৰিত কৰিব লগা পৰিবেশৰ সৃষ্টি হৈছে ৷

নগাঁৱত দুখনকৈ কাৰাগাৰ আছে যদিও আৰক্ষীয়ে চলোৱা বৃহৎ অভিযানৰ পিছত হাহাকাৰ লাগিছে কাৰাগাৰত ৷ সেয়ে নগাঁৱৰ দুয়োখন কাৰাগাৰত অভিয়ুক্তক ৰাখিবলৈ স্থানৰ অভাব ঘটিছে ৷

জানিব পৰা মতে নগাঁৱৰ পৰা ৬৬ জনক শোনিপুৰলৈ লৈ যোৱা হৈছে ৷ আৰক্ষী সূত্ৰ মতে জিলাখনত বাল্য বিবাহক লৈ অভিযান অব্যাহত থাকিব ৷ সেয়ে নতুনকৈ গ্ৰেপ্তাৰ হোৱা অভিয়ুক্তক ৰাখিবলৈ জিলাখনত বিকল্প ব্যৱস্থা নকৰিলে জিলাৰ বাহিৰলৈ বন্দী স্থানান্তৰিত কৰি থাকিব লাগিব ৷

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in