/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-13/vam6447r/46.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : নিমগছ ৰোপন কৰি সেউজী ধৰণী ধুনীয়া কৰাৰ সপোন গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা অঞ্চলটো নিমগছৰ সেউজীয়া আবেষ্টনীৰে শুশোভিত কৰাৰ সংকল্পৰে গ্ৰহণ কৰা হৈছে গছপুলি ৰোপণ কাৰ্য্যসূচী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-13/chmv64ob/f0700f58-8086-4be6-849e-f730046e0094.jpg)
সোনাইপৰীয়া কৃষি আৰু পৰিবেশ উন্নয়ন সংস্থাৰ উদ্যোগত নিমগছৰ সেউজীয়া বনানিকৰণৰ মহান উদ্দেশ্যৰে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় চৌহদত নিমগছ ৰোপন কাৰ্য শুভাৰম্ভ কৰা হয়। কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ড০ ভবেন্দ্ৰ নাথ ডেকাই।
নগাঁও - বটদ্ৰৱা সংযোগী গড়কাপ্তানি পথৰ কাষতে তথা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত গছপুলি ৰোপণ কাৰ্যসূচীৰ আঁত ধৰে সোনাইপৰীয়া কৃষি আৰু পৰিবেশ উন্নয়ন সংস্থাৰ সম্পাদক প্ৰাঞ্জল ৰাজখোৱাই। উল্লেখ্য যে এই মহান কাৰ্যসূচীত ভালেকেইগৰাকী ব্যক্তিয়ে অংশ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-13/jwlsvg3x/f0700f58-8086-4be6-849e-f730046e0094.jpg)
উক্ত কাৰ্যসূচীত সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, ষ্ট্ৰাটৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ বৰা, মেনেজিং ষ্ট্ৰাটী দেৱেন দাস, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকা, ৰেজিষ্টাৰ ড০ শৰৎ হাজৰিকা, সোনাইপৰীয়া কৃষি আৰু পৰিবেশ উন্নয়ন সংস্থাৰ সভাপতি কাণু কন্দলি, কোষাধ্যক্ষ ৰাহুল মেধি, সদস্য কংকনা শইকীয়া, অঞ্জুমনি ৰাজখোৱা কে আদি কৰি শতাধিক লোক উপস্থিত থাকে।
Also Read: মিচিং পৰিষদত অন্তৰ্ভুক্ত অনামিচিং গাঁও কৰ্তনৰ দাবী : ২০ ছেপ্তেম্বৰত জনসমাবেশৰ আয়োজন