খাগৰিজান মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন আৰু বঁটা প্ৰদান অনুষ্ঠান

খাগৰিজান মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন আৰু বঁটা প্ৰদান অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
খাগৰিজান মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন আৰু বঁটা প্ৰদান অনুষ্ঠান

ডিজিটেল সংবাদ,বেবেজীয়া : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ খাগৰিজান মহাবিদ্যালয়ত মঙলবাৰে মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ দ্বাৰা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে নগাঁও জিলা ভিত্তিক এখন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়।

Advertisment

এই উপলক্ষে আয়োজিত কেৰম, ডবা আৰু ৰছী টনা প্ৰতিযোগিতাত নগাঁও জিলাৰ ১০খন মহাবিদ্যালয়ে অংশগ্ৰহণ কৰে। ক্ৰীড়া প্ৰতিযোগিতাখনি উদ্বোধন কৰে খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰমেশ নাথে।

কেৰম প্ৰতিযোগিতাত (ল'ৰা) চেম্পিয়ন আৰু ৰানাৰ্চ আপ খিতাপ দখল কৰে ক্ৰমে নগাঁও জি. এন.দি. জি বাণিজ্য মহাবিদ্যালয় আৰু খাগৰিজান মহাবিদ্যালয়ে। কেৰম প্ৰতিযোগিতাত(ছোৱালী) চেম্পিয়ন আৰু ৰানাৰ্চ আপ দুয়োটা স্থান দখল কৰে নগাঁও ছোৱালী মহাবিদ্যালয়ে।

ডবা প্ৰতিযোগিতাত(ল'ৰা) চেম্পিয়ন আৰু ৰানাৰ্চ আপ খিতাপ দখল কৰিবলৈ সক্ষম হয় ক্ৰমে নগাঁও মহাবিদ্যালয় আৰু নগাঁও জি. এন.দি. জি বাণিজ্য মহাবিদ্যালয়ে। ডবা প্ৰতিযোগিতাত(ছোৱালী) চেম্পিয়ন আৰু ৰানাৰ্চ আপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ক্ৰমে ৰহা মহাবিদ্যালয়ে আৰু নগাঁও ছোৱালী মহাবিদ্যালয়ে।

ৰছীটনা প্ৰতিযোগিতাত (ল'ৰা) চেম্পিয়ন আৰু ৰানাৰ্চ আপৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় ক্ৰমে ৰহা মহাবিদ্যালয় আৰু খাগৰিজান মহাবিদ্যালয়ে। ৰছীটনা প্ৰতিযোগিতাত (ছোৱালী) চেম্পিয়ন আৰু ৰানাৰ্চ আপ খিতাপ দখল কৰিবলৈ সক্ষম হয় ক্ৰমে নগাঁও ছোৱালী মহাবিদ্যালয় আৰু নগাঁও জি. এন.দি. জি বাণিজ্য বাণিজ্য মহাবিদ্যালয়ে।

বিয়লি ৪.৩০ বজাত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰে নগাঁও জিলাৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটসমূহৰ সমন্বয় বিষয়া ড০ ভূৱন চন্দ্ৰ চেতিয়াই। অনুষ্ঠানত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ আঁচনি বিষয়া(Programme Officer) ড০ অমিয়া পাটৰে। সভাৰ অন্তত বিজয়ী প্ৰতিযোগীসকলক ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰা হয়।

Also Read: ইউ এচ টি এমত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিলে শৈক্ষিক চৌহদ

bebejiya national sports day