নগাঁও কলেজ (অট’নমাচ)ত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সফল সমাপ্তি

নগাঁও কলেজ (অট’নমাচ)ত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সফল সমাপ্তি

author-image
Asomiya Pratidin
New Update
নগাঁও কলেজ (অট’নমাচ)ত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সফল সমাপ্তি

ডিজিটেল সংবাদ, নগাঁও : নগাঁও কলেজ (অট’নমাচ)ত বুৰঞ্জী বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সহযোগত দুদিনীয়াকৈ আয়োজিত নগাঁও কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে সঞ্চালনা কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামৰণি অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ অধ্যাপক পৰাগ ফুকনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত হৈ তেওঁ পৰিৱেশ ধ্বংস হ’লে ঐতিহ্য আৰু সভ্যতা ৰক্ষা নহয় বুলি মত প্ৰকাশ কৰে।

Advertisment

অধ্যাপক ফুকনে সাংস্কৃতিক ঐতিহ্য কেৱল কলা বিভাগৰে সম্পদ নহয়, বিজ্ঞান, বাণিজ্য আদি বহুবিষয়ৰ সমল নিহিত হৈ আছে বুলি উল্লেখ কৰে। আলোচনা চক্ৰখনিৰ সহ আহ্বায়িকা ৰস্মিতা ফুকনে আলোচনা চক্ৰখনিত গ্ৰহণ কৰা অনুমোদন, পৰামৰ্শৱলীসমূহ ব্যাখ্যা কৰে। আলোচনা চক্ৰখনৰ অনুমোদনত আছে সাংস্কৃতিক ঐতিহ্যৰ লগতে প্ৰকৃতি ঐতিহ্য সংৰক্ষণ কাৰণে সচেতনতা সৃষ্টি কৰিব লাগে, কলেজৰ পাঠ্যক্ৰমত ঐতিহ্য সম্পৰ্কীয় ব্যৱহাৰিক শিক্ষা অন্তৰ্ভুক্ত কৰিব লাগে।

সামৰণিৰ অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় আহ্বায়িকা ড০ অৰণি শইকীয়াই। দ্বিতীয় দিনা ৪টা কাৰিকৰী সত্ৰত আলোচনা চক্ৰখন সমাপন হয়। এই কাৰিকৰী আলোচনা সত্ৰসমূহৰ সঞ্চালনা কৰে ক্ৰমে- ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান হাজৰিকা, তেজপুৰ বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক অধ্যয়ন বিভাগৰ সহযোগী অধ্যাপক ড০ পৰশমণি দত্ত, নগাঁও কলেজৰ অধ্যাপক ড০ সঞ্জয় দে, আৰু নগাঁও কলেজৰ অধ্যাপিকা ড০ ফাৰিস্তা য়াচমিনে। সৰ্বমুঠ ৬৫খন আলোচনা পত্ৰ পাঠেৰে দুদিনীয়াকৈ আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখনিৰ সফল সমাপ্তি ঘটে।

nagaon college (autonomous)