নগাঁও কলেজ (অট’নমাচ) ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস...

২৮ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি “গোলকীয় কল্যাণৰ বাবে গোলকীয় বিজ্ঞান (Global Science for Global Well-being) শীৰ্ষকত বিষয়ত নগাঁও কলেজত এখনি আলোচনা চক্ৰ আয়োজন কৰা হয়।
নগাঁও কলেজ (অট’নমাচ) ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস...

ডিজিটেল সংবাদ, নগাঁও: কলংপাৰ শাখা, অসম বিজ্ঞান সমিতি আৰু নগাঁও কলেজ (অট’নমাচ) ৰ উদ্যোগত ২৮ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি “গোলকীয় কল্যাণৰ বাবে গোলকীয় বিজ্ঞান (Global Science for Global Well-being) শীৰ্ষকত বিষয়ত নগাঁও কলেজত এখনি আলোচনা চক্ৰ আয়োজন কৰা হয়। অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে সভাপতিত্ব কৰা আৰু অধ্যাপক ড০ পৰীক্ষিত গগৈয়ে আঁত ধৰা এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে নগাঁও কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা লেখক ড০ খগেশ্বৰ ভূঞা।

বিজ্ঞান আৰু অন্ধবিশ্বাসৰ ক্ষেত্ৰত ড০ ভূঞাই বহুমূলীয়া বক্তৃতা প্ৰদান কৰে। বিজ্ঞানেহে সমাজৰ পৰা কুসংস্কাৰ দূৰ কৰিব বুলি মন্তব্য আগবঢ়ায়। সভাত তেওঁ বিশ্বাস, অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। সকলো বিষয় বিজ্ঞান আৰু যুক্তিসংগতভাৱে চিন্তা-চৰ্চা কৰি মানৱ জাতিৰ কল্যাণৰ বাবে কাম কৰি যাব লাগে বুলি উল্লেখ কৰে। সত্য সদায় শুদ্ধ নহ’বও পাৰে সেয়ে সকলো কথা বিজ্ঞানসন্মতভাৱে চিন্তা কৰিব লাগে বুলি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি তেওঁ মন্তব্য কৰে।

আদৰণী ভাষণ প্ৰদান কৰি অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে শিক্ষাৰ জৰিয়তে সমাজত বৰ্তি থকা ব্যাধি কেনেকৈ দূৰ কৰিব পাৰি তাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। এই অনুষ্ঠানত নগাঁও কলংপাৰ শাখাৰ সভাপতি, নগাঁও কলেজৰ অধ্যাপক-অধ্যাপিকা, অনা শিক্ষক কৰ্মচাৰী, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয় আৰু মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল, নগাঁও কলেজৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

সভাত নগাঁও কলেজৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী বিপাশা গোস্বামীয়ে চি. ভি. ৰমনৰ কৰ্মৰাজি আৰু বিজ্ঞানৰ অৱদানৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়। পদাৰ্থ বিজ্ঞান বিভাগৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ ৰিজৱান আনচাৰিয়ে ‘ইন্টাৰনেটৰ ব্যৱহাৰ আৰু ইন্টাৰনেট অৱ থিংকচ’ শীৰ্ষক এটি পৰীক্ষণ প্ৰণালী হাতে-কামে পৰীক্ষা কৰি দেখুৱায়।

নগাঁও কলেজ (অট’নমাচ) ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস...
যুৱ-প্ৰজন্মৰ সুন্দৰ ভৱিষ্যতৰ বাবে বিজেপিয়ে কৰিব সজাগতা সৃষ্টি...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in