
ডিজিটেল সংবাদ, নগাঁও: ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশ মৰ্মে সমগ্ৰ দেশজুৰি শনিবাৰে সম্পন্ন হোৱা ৰাষ্ট্ৰীয় লোক আদালতৰ অংশস্বৰূপে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী সৌজন্যত নগাঁও জিলা ন্যায়িক আদালত ভৱন প্ৰাংগণত আদালতত নিস্পত্তি নোহোৱা গোচৰ, মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ, যান-বাহন গোচৰ, ফৌজদাৰী গোচৰ আৰু প্ৰিলিটিগ্ৰেছন গোচৰ যেনে- বাকীজাই গোচৰ, ভূমি অধিগ্রহণ গোচৰ, ১৩৮ ধাৰাৰ এন আই গোচৰ, বেংক ঋণ গোচৰ, বি এছ এন এল, বিদ্যুৎ বিলৰ গোচৰ, পানী বিলৰ গোচৰ, শ্রমিক সম্পৰ্কীয় ইত্যাদি গোচৰৰে অধিকাংশ গোচৰ শনিবাৰে ৰাষ্ট্ৰীয় লোক আদালতত নিষ্পত্তি কৰা হয়।
জিলা আইন সেৱা প্ৰাধীকাৰী নগাঁৱৰ কাৰ্যালয়ত পঞ্জীয়ন হোৱা গোচৰসমূহৰ ৫১৫ টা প্ৰিলিটিগ্ৰেছন গোচৰ আপোচ মিমাংসাৰে নিস্পত্তি হোবাৰ লগতে এই প্ৰিলিটিগ্ৰেছন গোচৰৰ বিপৰীতে সংগৃহীত চেটেলমেন্ট ধনৰাশিৰ পৰিমাণ হৈছে ১,০৫,৫৮,২৫৭ কোটি টকা৷ আনহাতে,নগাঁও আদালতত নিস্পত্তি নোহোৱাকৈ বাকী থকা গোচৰ যেনে মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ, যান-বাহন গোচৰ, ফৌজদাৰী গোচৰৰ ৭৫৯টা গোচৰ আপোচ মিমাংসাৰে নিস্পত্তি হোবাৰ বিপৰীতে পেনডিং গোচৰত সংগৃহীত চেটেলমেন্ট ধনৰাশিৰ পৰিমাণ হৈছে ২,৮৬,৯৭,২৪৪ টকা।
উল্লেখ্য যে,ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশত আৰু অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী আহ্বানত আয়োজিত ৰাষ্ট্ৰীয় লোক আদালতত অতি ক্ষিপ্ৰতাৰে গোচৰ নিষ্পত্তি কৰাৰ বাবে সমগ্ৰ দেশতে এটা দিনতে ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰিও নিষ্পত্তি হোৱা গোচৰৰ পৰবৰ্তী সময়ত কোনোধৰণৰ আপীল কৰাৰ ব্যৱস্থা নাথাকে।
নগাঁৱত আয়োজিত ৰাষ্ট্ৰীয় লোক আদালতত নগাঁৱৰ আটাইকেখন আদালতৰ ন্যায়াধীশ সকলৰ উপৰিও জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব মনিকা মিছং উপস্থিত থাকি সকলো দিশ পৰ্যবেক্ষণ কৰা দিনযোৰাকৈ আয়োজিত ৰাষ্ট্ৰীয় লোক আদালতৰ বিয়লিলৈ সফলতাৰে সামৰণি পৰে।
উল্লেখ্য যে, নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব হিছাপে মনিকা মিছঙে নগাঁৱৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতে তৃতীয়বাৰলৈ শনিবাৰে ৰাষ্ট্ৰীয় লোক আদালত সুচাৰুৰূপে সম্পন্ন হৈছে বুলি জানিব পৰা গৈছে ৷ পুৱা ৯:৩০ বজাৰ পৰা আৰম্ভ হোবা এই ৰাষ্ট্ৰীয় লোক আদালতত জিলা আইন সেৱা প্ৰাধিকাৰীৰ সমূহ কৰ্মচাৰী উপস্থিত থাকে ।