'কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ ২০২৪' শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলনৰ আয়োজন...

'কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ ২০২৪' শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলনৰ আয়োজন...

author-image
Asomiya Pratidin
New Update
'কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ ২০২৪' শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলনৰ আয়োজন...

ডিজিটেল সংবাদ, বটদ্ৰৱা : মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ চিন্তা-দৰ্শন আৰু অসম তথা অসমীয়াৰ জাতীয় জীৱনৰ স্বকীয় বৈশিষ্ট্যপূৰ্ণ অনন্য সমলসমূহ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ প্ৰসাৰ কৰা সংকল্পৰে কুটুম্ব সুৰক্ষা পৰিষদৰ উদ্যোগত ২০২২ চনৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত এলানি কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে। কুটুম্ব সুৰক্ষা পৰিষদৰ "সূত্ৰধাৰ" শীৰ্ষক এই কাৰ্যসূচী ২০২২ চনত উত্তৰ প্ৰদেশৰ শ্ৰী ধাম বৃন্দাবনত, ২০২৩ চনত মধ্য প্ৰদেশৰ উজ্জয়িনীত অনুষ্ঠিত হৈছিল।

Advertisment

এইবেলি "কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ ২০২৪" শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটা প্ৰদান অনুষ্ঠান ভাগ ভগবান শ্ৰীৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যাত অহা ২০, ২১ আৰু ২২ ছেপ্টেম্বৰত বৰ্ণিল শৈক্ষিক সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। ভাৰতৰ বিভিন্ন ৰাজ্যৰ ২০০ গৰাকী অধ্যাপক , গৱেষক ছাত্ৰ ছাত্ৰী , লেখক আলোচক ,শিল্পীক একত্ৰিত কৰি অনুষ্ঠিত হব এই কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ ২০২৪, শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলনৰ বিষয়বস্তু হ'ব "মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ বাটকটীয়া"।

এই সন্মিলনৰ ২০ চেপ্তেম্বৰৰ পুৱা ৭.৩০ বজাত গুৰু আসন স্থাপন, নাম প্ৰসঙ্গ, খোল প্ৰসঙ্গ, ১০ বজাত ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলনৰ উদ্ঘাটন সমাৰোহ কাৰ্যসূচী সম্পন্ন কৰা হ'ব। ইয়াৰ পাছতে ১০.৩০ বজাত বৰগীত পৰিৱেশন, ৩.৩০ বজাত সন্মিলনৰ প্ৰথম শৈক্ষিক সত্ৰ, ৪.৩০ বজাত সন্মিলনৰ দ্বিতীয় শৈক্ষিক সত্ৰ, ৬ বজাত ১৫০ গৰাকী মহিলাৰ দ্বাৰা দিহানাম পৰিবেশন, ৬.৩০ বজাত নৃত্য নাটিকা "ৰাম কথা" পৰিৱেশন কৰিব।

একেদৰে ৭.৩০ বজাত অংকীয়া ভাওনা "ৰাম বিজয়" পৰিবেশন কৰা হ'ব। আনহাতে ২১ ছেপ্টেম্বৰৰ ৭.৩০ বজাত নাম প্ৰসঙ্গ, খোল প্ৰসঙ্গ, গুৰু বন্দনা, ৯ বজাত সন্মিলনৰ তৃতীয় শৈক্ষিক সত্ৰ, ১১ বজাত সন্মিলনৰ চতুৰ্থ শৈক্ষিক সত্ৰ, ৩ বজাত পঞ্চম শৈক্ষিক সত্ৰ, ৫ বজাত ১৫০ গৰাকী মহিলাৰ দ্বাৰা ঠিয়নাম পৰিবেশন কৰা হ'ব।

ইফালে ৫.৩০ বজাত চালি নৃত্য আৰু সন্ধিয়া ৬ বজাত অংকীয়া ভাওনা ৰুক্মিণী হৰণ পৰিবেশন কৰা হ'ব। ২২ ছেপ্তেম্বৰৰ পুৱা ৭.৩০ বজাত নামপ্ৰসংগ ,খোল প্ৰসঙ্গ , ৮ বজাত অনুষ্ঠান স্থলীৰ পৰা শ্ৰীৰাম মন্দিৰলৈ পদব্ৰজে সাংস্কৃতিক শোভাযাত্ৰা।

আনহাতে ২ বজাত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা সাধু-সন্ত-মহন্তৰ সন্মিলনৰ আৰম্ভণি আৰু বৰগীত পৰিৱেশন, ৩.৩০ বজাত শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন আৰু সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰা লোক সকলক মানপত্ৰ প্ৰদান কৰা হ'ব। সন্ধিয়া ৬ বজাত দক্ষ যজ্ঞ ভাওনা পৰিবেশন কৰা হ'ব।

আনহাতে উক্ত অনুষ্ঠানতে "সনাতন সূৰ্য" শীৰ্ষক বঁটা প্ৰদান কৰা হ'ব ডিব্ৰুগড় জিলাৰ চাবুৱাৰ দিনজয় সত্ৰৰ সত্ৰাধিকাৰ মুকুন্দ চন্দ্ৰ গোস্বামীক লগতে মাজুলীৰ সত্ৰীয়া সংস্কৃতিক শিল্পী কৃষ্ণ গোস্বামীক সূত্ৰধাৰ বঁটা। একেদৰে বৈষ্ণৱ পণ্ডিত হেমভাইক মহীৰূহ উপাধি, লোকশিল্পী অমিয়া নেওগ কলিতাক তেজস্বীনি উপাধি ,নাগাৰা নামৰ শিল্পী ৰামচৰণ ভৰালীক সংস্কৃতি সাধনা বঁটা প্ৰদান কৰা হ'ব।

ইফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংস্কৃত সেৱা সন্মান আগবঢ়োৱা হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক গৱেষক ড০ কামেশ্বৰ শুক্লাক। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ সাহিত্য সেৱা সন্মান লেখক, গৱেষক ড০ সঞ্জীৱ কুমাৰ বৰকাকতীক, সমন্বয় সেতু বন্ধন বঁটা উৰিষ্যৰ অশোক দাস ভুৱনেশ্বৰ আৰু উত্তৰপ্ৰদেশৰ ইন্দ্ৰ দেৱ মিশ্ৰক আৰু হিন্দু চেতনা বঁটা বকোৰ ৰাহুল ৰাভাক প্ৰদান কৰা হ'ব বুলি জানিব দিছে কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাই।

Also Read: আজি পৰীক্ষা আছিল...

batadraba