কল্লোল সাংস্কৃতিক গোষ্ঠীৰ উপ সভাপতি ননী গোহাঁই বৰুৱাৰ মৃত্যু...

কল্লোল সাংস্কৃতিক গোষ্ঠীৰ উপ সভাপতি ননী গোহাঁই বৰুৱাৰ মৃত্যু...

author-image
Asomiya Pratidin
New Update
কল্লোল সাংস্কৃতিক গোষ্ঠীৰ উপ সভাপতি  ননী গোহাঁই বৰুৱাৰ মৃত্যু...

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ সাংস্কৃতিকৱান ব্যক্তি ননী গোহাঁই বৰুৱাৰ শনিবাৰে পৰলোকপ্ৰাপ্তি হয়। দিল্লী আৰ্মি হাস্পতালত ননী গোহাঁই বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰে।

Advertisment

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে গোহাঁই বৰুৱাই মৃত্যুৰ আগলৈকে কল্লোল সাংস্কৃতিক গোষ্ঠীৰ উপ সভাপতি হিচাপে দায়িত্ব পালন কৰি আছিল । এনে এগৰাকী ব্যক্তিৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে কল্লোলৰ চৌহদ। সমান্তৰালকৈ নগাঁও চহৰতো শোকৰ ছাঁ পৰিছে।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৪ বছৰ। প্ৰয়াত ননী গোহাঁই বৰুৱা এজন হাস্যৰসিক ব্যক্তি আছিল। গ্ৰমোন্নয়ন বিভাগৰ পৰা গাণনিক হিচাপে অৱসৰগ্ৰহণ কৰা বৰুৱাৰ ঘৰ নগাঁও চহৰৰ লাওখোৱা পথত ।

উল্লেখ্য যে হৃদৰোগত আক্ৰান্ত গোঁহাই বৰুৱাক দিল্লী আৰ্মি হাস্পতালত পৰিয়ালৰ লোকে চিকিৎসা প্ৰদান কৰাই থকা সময়তে শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত গোহাঁই বৰুৱাই ইহসংসাৰত পত্নী তথা চিকিৎসক পুত্ৰৰ লগতে অসংখ্য গুণমুগ্ধক এৰি থৈ গৈছে ।

দেওবাৰে দুপৰীয়া বৰুৱাৰ নশ্বৰদেহ বিমানযোগে গুৱাহাটীলৈ অনা হ’ব বুলি জানিব পৰা গৈছে। ইয়াৰ পাছতে স্বগৃহলৈ নশ্বৰদেহ আনি সৎকাৰ কৰা হ’ব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ।

Also Read: জম্মু-কাশ্মীৰত বায়ুসেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ১জন

Kallol