/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-06/6zbyjeig/9.jpg)
ডিজিটেল সংবাদ,নগাঁও: নগাঁও ছোৱালী মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপিকা ড° নমিতা কলিতাৰ দ্বাৰা পৰিচালিত আৰু প্রযোজিত অসমৰ ঐতিহ্য আৰু সংস্কৃতিৰ বাহকস্বৰূপ থলুৱা সম্পদৰ পৰম্পৰাগত নিৰ্মাণশৈলী ভিত্তিক ৪খন তথ্যচিত্র আজি নগাঁও প্ৰেছ ক্লাবত উন্মোচন কৰা হয়।
উল্লেখ্য যে, বহুকেইখন গ্ৰন্থৰ প্ৰণেতা ড° নমিতা কলিতাই শেহতীয়াকৈ ভাৰত চৰকাৰৰ কন্ট্রোলাৰ অৱ জেনেৰেল পেটেন্ট ডিজাইন এণ্ড ট্রেডমার্কৰ পৰা জুৱেলাৰী মেকিং মেচিন আৰু চাৰ্ফেচ ক্লিনাৰ ডিজাইনৰ বাবে পেটেন্ট লাভ কৰে।
ড০ কলিতাই যোৰহাট, বৰপেটা আৰু নগাঁৱৰ পৰম্পৰাগত পাট সোণৰ পৰা তৈয়াৰ কৰা থলুৱা অসমীয়া গহণাৰ নির্মাণশৈলী আৰু শিল্পটোৰ ভিত্তিত 'দ্যা গল্ডেন হেৰিটেজ', সৰ্থেবাৰী, বণিয়াকুঁছি আৰু হাজোৰ কাঁহ-পিতলৰ পৰম্পৰাগত নিৰ্মাণশৈলী আৰু শিল্পটোৰ বিষয়ে 'দ্যা ইক অৱ হেৰিটেজ', অসমৰ পাট-মুগা বয়ন শিল্পৰ বিষয়ে 'উভেন বাই ট্রেডিচন' আৰু বৰপেটাৰ থলুৱা আতজবাজি বিষয়ভিত্তিত নিৰ্মাণ কৰা 'দ্যা লিগেছি অব লাইট' শীর্ষক তথ্যচিত্র চাৰিখন দর্শকৰ সন্মুখত প্ৰদৰ্শন কৰে।
তথ্যচিত্রকেইখন উন্মোচন কৰে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা-পৰিচালক অৰূপ মান্নাই। চিত্ৰ নিৰ্মাতা অৰূপ মান্নাই অসমৰ ঐতিহ্যপূৰ্ণ শিল্প -পৰম্পৰাক সামৰি প্ৰস্তুত কৰা তথ্যচিত্ৰ কেইখনে বিষয়বস্তু সমূহৰ ঐতিহ্য সংৰক্ষণত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে।
আনহাতে শ্ৰব্য আৰু দৃশ্যমান তথ্যচিত্রই মানুহৰ মনোযোগ নিবন্ধ কৰে বুলি মন্তব্য কৰি চিত্ৰ পৰিচালক অৰূপ মান্নাই ডিজিটেল মাধ্যমত তথ্যচিত্ৰৰূপে অসমৰ বাহিৰত প্ৰচাৰ আৰু সংৰক্ষণৰ উদ্দেশ্যে অধ্যাপিকা ড° নমিতা কলিতাই নিজৰ অতি ব্যস্ততাপূর্ণ শৈক্ষিক কাম-কাজৰ মাজতে কৰা এনে প্ৰচেষ্টাৰ প্ৰশংসা কৰে।
আনহাতে তথ্যচিত্ৰ কেইখনৰ পৰিচালিকা ড০ নমিতা কলিতাই অসমৰ বাহিৰৰ বিশ্ববিদ্যালয়সমূহত অনুষ্ঠিত বিভিন্ন বিদ্যালয়তনিক আলোচনাত অংশগ্ৰহণ কৰোতে লগ পোৱা ভাৰতৰ বিভিন্ন ৰাজ্যৰ অধ্যাপক-গৱেষকসকলক অসমৰ ঐতিহ্য আৰু বাৰেৰহণীয়া সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়াৰ লগতে ঐতিহ্যসমূহৰ সংৰক্ষণৰ উদ্দেশ্যে এনেধৰণৰ তথ্যচিত্ৰ নিৰ্মাণৰ প্ৰতি আগ্রহী হোৱাৰ বিষয়ে উল্লেখ কৰে।
সাংস্কৃতিক সংগঠক পাপুল বৰাই আঁত ধৰা অনুষ্ঠানটিত জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি জিতেন বৰকটকী, তথ্যচিত্র চাৰিখনৰ সম্পাদনা আৰু কাৰিকৰী নিৰ্দেশক অভিনেতা দিব্যজ্যোতি শইকীয়াৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে । তথ্যচিত্ৰ চাৰিখনৰ বিষয়বস্তুক দৰ্শকে ভূয়সী প্ৰশংসা কৰে ।