নগাঁৱত ৰাইফলসহ আটক দুই যুৱক...

নগাঁৱৰ হয়বৰগাঁও আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হয় ৰাইফলটো ৷

author-image
Asomiya Pratidin
New Update
নগাঁৱত ৰাইফলসহ আটক দুই যুৱক...

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও চহৰৰ কাষৰীয়া অঞ্চল কেন্দুগুৰিত এটা ৰাইফল উদ্ধাৰ কৰাৰ লগতে দুই যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ নগাঁৱৰ হয়বৰগাঁও আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হয় ৰাইফলটো ৷

Advertisment

ঘটনা অনুসৰি এজন লোকৰ ঘৰত অবৈধভাবে লুকুৱাই ৰখা হৈছিল ৰাইফলটো ৷ থ্ৰি নট থ্ৰি ৰাইফলটো আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে কৰায়ত্ব কৰা লোক দুজন হৈছে জেহিৰুল ইছলাম (৩৫), বাচেৰ আলম (১৭) ৷

অভিযুক্ত দুয়োৰে ঘৰ কেন্দুগুৰিত বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ ঘটনাৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে অভিযুক্ত দুয়োজনৰ জেৰা অব্যাহত ৰাখিছে ৷

Also Read: পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি...

Assam police