Advertisment

নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ আয়োজন

নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আৰু ৰহা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত বিশ্ব মহাবীৰ চিলাৰায় দিৱসটি অহা ১২ ফেব্ৰুৱাৰীৰ দিনা দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব।

author-image
Asomiya Pratidin
New Update
নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ আয়োজন

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আৰু ৰহা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত বিশ্ব মহাবীৰ চিলাৰায় দিৱসটি অহা ১২ ফেব্ৰুৱাৰীৰ দিনা দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। ঐতিহাসিক সৰাগাঁৱৰ সাৰ্বজনীন ৰাস মন্দিৰত অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত পৰিবেশ নিকাকৰণ আৰু গছপুলি ৰোপণ কৰিব নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ উপ-সভাপতি তৰুণ চন্দ্ৰ ডেকাই।

Advertisment

৮.৩০ বজাত পতাকা উত্তোলন কৰিব নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰভাত বৰাই। ৯ বজাত ছহিদ তৰ্পণৰ পাছত বন্তি প্ৰজ্বলন কৰিব অভ্যৰ্থনা সমিতিৰ সভাপতি সভাপতি প্ৰভাত বৰাই পিছত বীৰ চিলাৰায় প্ৰতিমূৰ্তিত মাল্যৰ্পন কৰা হ'ব। ১১ বজাত মুকলি সভা, বৰগীত, জনগোষ্ঠীয় নৃত্য আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সমাহাৰে অনুষ্ঠিত হ'বলগিয়া মুকলি সভাত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰিব বিধায়ক শশীকান্ত দাসে আৰু নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকিব নিবন্ধকাৰ, প্ৰবক্তা মোহিনী মোহন ডেকা।

বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ৰহা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ সম্পাদক গৌতম প্ৰসাদ ডেকাকে প্ৰমুখ্য কৰি উদ্যোক্তাসকলে।

কোচ ৰাজবংশী চিলাৰায় দিৱস