নগাঁৱত তোৰণ,বেনাৰ,পোষ্টাৰত অসমীয়া ভাষা ব্যৱহাৰৰ দাবী যুৱ ছাত্ৰ পৰিষদৰ

নগাঁৱত তোৰণ,বেনাৰ,পোষ্টাৰত অসমীয়া ভাষা ব্যৱহাৰৰ দাবী যুৱ ছাত্ৰ পৰিষদৰ
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও: তোৰণ, পোষ্টাৰ আদিত অসমীয়া ভাষা ব্যৱহাৰ বাধ্যতামূলক কৰিবলৈ দাবী জনাইছে নগাঁও জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নগাঁও পৌৰসভাক স্মাৰক পত্ৰ প্ৰদান কৰিছে জাতীয় সংগঠনটোৱে।

যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ এটি প্ৰতিনিধি দলে নগাঁও পৌৰসভাৰ পৌৰপতিক এই সন্দৰ্ভত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰত সংগঠনটোৱে নগাঁও পৌৰসভাই বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠান তথা কাৰ্যালয় আদিৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সময়তেই অসমীয়া ভাষাত বৰ বৰ হৰফেৰে নামফলক লিখিব লাগিব বুলি কঠোৰ নিয়ম বলবৎ কৰিবলৈ দাবী জনায়।

লগতে আগন্তুক দুৰ্গোৎসৱকে প্ৰমুখ্য কৰি অন্যান্য উৎসৱ পাৰ্বনৰ উপলক্ষত বহুজাতিক কোম্পানীবোৰে তৰা বৃহদাকাৰ তোৰণ, উৎপাদিত সামগ্ৰীৰ বিজ্ঞাপনৰ পোষ্টাৰ, গোহাৰি ইত্যাদিত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ নগাঁও পৌৰসভাই উদ্যোগ লবলৈ দাবী জনায়। লগতে জাতীয় সংগঠনটোৰ দাবীক মান্যতা নিদিলে পৰিষদে নিজাববীয়াকৈ এই ক্ষেত্ৰত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি উল্লেখ কৰে ।

নগাঁৱত তোৰণ,বেনাৰ,পোষ্টাৰত অসমীয়া ভাষা ব্যৱহাৰৰ দাবী যুৱ ছাত্ৰ পৰিষদৰ
মণিপুৰ বহুদূৰ ! ক'ত ৰাছিয়া, ইউক্ৰেইনলৈ যোৱা শান্তিৰ দূত ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in