বহিঃৰাজ্যত সন্ধানহীন নগাঁৱৰ যুৱক..

কৰ্মৰ সন্ধানত হাইদৰাবাদলৈ যোৱা নগাঁৱৰ শিয়ালমাৰিস্থিত কোটায়নিৰ বাসিন্দা চাহাবুদ্দিন আলি ছেকেণ্ডৰাবাদত সন্ধানহীন হয়।

author-image
Asomiya Pratidin
New Update
বহিঃৰাজ্যত সন্ধানহীন নগাঁৱৰ যুৱক..

ডিজিটেল সংবাদ, নগাঁও : বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু তথা সন্ধানহীনৰ বাতৰি সঘনাই পোহৰলৈ আহি থকাৰ সময়তে পুনৰ আন এজন অসমৰ যুৱক সন্ধানহীন হোৱাৰ খবৰ আহি পৰিছে ৷ কৰ্মৰ সন্ধানত শুকুৰবাৰে ৰেলযোগে হায়দৰাবাদলৈ যোৱা নগাঁৱৰ শিয়ালমাৰিস্থিত কোটায়নিৰ বাসিন্দা চাহাবুদ্দিন আলি ছেকেণ্ডৰাবাদত সন্ধানহীন হয়।

Advertisment

উল্লেখ্য চাহাবুদ্দিনৰ সৈতে একেলগে যোৱা মধ্য শিয়ালমাৰীৰে যুৱক ওৱাহিদ্দুল ইছলাম আৰু দুই সহযোগী সুকলমে কৰ্তব্য স্থান পোৱাত পৰিয়ালে আনিছে গুৰুতৰ অভিযোগ। পৰিয়ালৰ সৈতে চাহাবুদ্দিন আলিৰ শেষ যোগাযোগত সহযোগীসকলে মাৰপিট কৰা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰলোকে।

ঘটনাৰ সন্দৰ্ভত সোমবাৰে পৰিয়ালে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দিয়ে যদিও নগাঁও আৰক্ষীয়ে এজাহাৰ গ্ৰহণ নকৰাৰ অভিযোগ। যুৱকজনৰ সন্ধান উলিয়াবলৈ নগাঁও আৰক্ষীয়ে ছেকেণ্ডৰাবাদ আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ কোনো আগ্ৰহ নকৰাত বৰ্তমান উপায়ন্তৰ হৈ পৰিছে চাহাবুদ্দিনৰ পৰিয়াল ৷

Also Read: সাংবাদিক গৌতম হাজৰিকাৰ বিয়োগত শোকস্তব্ধ বিশ্বনাথ...

Assam police