
ডিজিটেল সংবাদ,নগাঁও : নগাঁৱত উদ্ধাৰ দুটাকৈ মৃতদেহ ৷ প্ৰথমটো মৃতদেহ উদ্ধাৰ হৈছে নগাঁৱৰ মাজৰআটি চাৰিআলিৰ সমীপৰ কলং সুঁতিত ৷ মাজৰআটি চাৰি আলিত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে কচলুখোৱাৰ মৰা কলঙতো এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ হৈছে ।
মৃতদেহ দুয়োটাই অৱশ্যে চিনাক্ত কৰিব পৰা হোৱা নাই । স্থানীয় ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াৰ পিছত নগাঁও আৰক্ষীয়ে মৃতদেহ দুটা পৃথক পৃথক স্থানৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । সোমবাৰে পুৱাৰ ভাগতেই নগাঁও চহৰত দুটাকৈ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।