তীব্ৰবেগী ড্ৰাম্পাৰৰ খুন্দাত নিহত শিক্ষক

তীব্ৰবেগী ড্ৰাম্পাৰৰ খুন্দাত নিহত শিক্ষক

ডিজিটেল সংবাদ, নগাঁও : নগাঁৱৰ তেলিয়াগাঁৱত সোমবাৰে পুৱাতে পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত স্কুলমুখী শিক্ষক ৷ নিহত শিক্ষকজন হৈছে আব্দুল খালেক ৷

ৰৌমাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল আব্দুল খালেক ৷ দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ হৈছে এ এছ ০২ চি চি ৬৩১৮ ৷ ঘটনাক লৈ নগাঁৱৰ তেলিয়াগাঁও চাৰিআলিত উত্তপ্ত পৰিস্থিতি ৷ স্থানীয় ৰাইজে আৱদ্ধ কৰি থৈছে ডাম্পাৰখন ৷উল্লেখ্য যে, একাংশ ডাম্পাৰ চালকৰ দৌৰাত্ম্যৰ বাবেই নগাঁৱত সংঘটিত হৈছে বহুকেইটা পথ দুৰ্ঘটনা ৷

তীব্ৰবেগী ড্ৰাম্পাৰৰ খুন্দাত নিহত শিক্ষক
শিশুৰ গুপ্তাংগত আঘাতৰ চিন, দেহত ইস্ত্ৰি, গৰম পানী ঢলাৰ দাগ স্পষ্ট! চিকিৎসক দম্পত্তীৰ ন ন তথ্য পোহৰলৈ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in